ETV Bharat / state

ম্যাদ উকলা শীতল পানীয়ৰে ভৰি পৰিছে কলগাছিয়াৰ বজাৰ

author img

By

Published : Apr 30, 2019, 2:45 PM IST

কলগাছিয়াত শীতল পানীয়ৰ নামত বৰবিহ । একাংশ অসাধু ব্যৱসায়ীয়ে বজাৰলৈ এৰি দিছে ম্যাদ উকলা শীতল পানীয় ৷ ৰৌশন আলী নামৰ পেপছিৰ বিক্ৰেতাই আধা দৰতে বিক্ৰী কৰি আছে এই ম্যাদ উকলা শীতল পানীয় ।

কলড্ৰিংছৰ নামত বৰবিহ

কলগাছিয়া, 30 এপ্ৰিল : কলগাছিয়াত শীতল পানীয়ৰ নামত বৰবিহ । পেপছি কোম্পানীৰ ম্যাদ উকলা শীতল পানীয়ৰে ভৰি পৰিছে বজাৰ । ৰৌশন আলী নামৰ পেপছিৰ ডিলাৰে আধা মূল্যত বিক্ৰী কৰি আছে এই ম্যাদ উকলা শীতল পানীয় । গৰম পৰাৰ লগে লগেই বজাৰত বিভিন্ন শীতল পানীয় প্ৰস্তুতকাৰী কোম্পানীয়ে বজাৰ নিজৰ দখললৈ অনাৰ বাবে চলাই আছে প্ৰতিযোগিতা । এই বজাৰ দখলৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে বজাৰলৈ এৰি দিছে ম্যাদ উকলা শীতল পানীয় ৷ সম্প্ৰতি কলগাছিয়াৰ বিভিন্ন এলেকাত ৰৌশন আলী নামৰ এগৰাকী বিক্ৰেতাই পেপছি কোম্পানীৰ লগতে আন আন কোম্পানীৰ ম্যাদ উকলা শীতল পানীয় বজাৰত এৰি দিছে । ৰৌশন আলীয়ে ম্যাদ শীতল পানীয়ৰ ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈ অহাত ভিত্তিত মঙলবাৰে চলোৱা এক অভিযানত এই ঘটনা পোহৰলৈ আহে ।

কলড্ৰিংছৰ নামত বৰবিহ

কেইবাখনো গাড়ীৰে ম্যাদ উকলা শীতল পানীয় বৃহত্তৰ কলগাছিয়াৰ বিভিন্ন দোকানত আধা দৰতে বিক্ৰী কৰা বুলিও স্বীকাৰ কৰে ৰৌশন আলীয়ে । ইফালে পেপছি কোম্পানীয়ে এই ম্যাদ উকলা শীতল পানীয়সমূহ ৰৌশন আলীক বিক্ৰী কৰিবলৈ দিছে বুলি গাড়ীৰ চালক তথা কৰ্মচাৰীয়ে জানিবলৈ দিয়ে ।

Slug: as_bar_30apr_expired_cold_drinks_vis2+bite2_7203841

কলগাছিয়াত ম্যাদ উকলা কলড্ৰিংছৰে ভৰি পৰিছে বজাৰ।

বৰপেটা ৩০ এপ্ৰিল : কলগাছিয়াত কলড্ৰিংছৰ নামত বৰবিহ। পেপছি কোম্পানীৰ ম্যাদ উকলা কলড্ৰিংছৰে ভৰি পৰিছে বজাৰ। ৰৌশন আলী নামৰ পেপছিৰ ডিলাৰে আধা মূল্যত বিক্ৰী কৰি আছে এই ম্যাদ উকলা কলড্ৰিংছ।

গৰম পৰাৰ লগে লগেই বজাৰত বিভিন্ন  কলড্ৰিংছৰ কোম্পানীয়ে নিজৰ দখললৈ অনাৰ বাবে প্ৰতিযোগিতা চলাই আছে । এই বজাৰ দখলৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে বজাৰলৈ এৰি দিছে ম্যাদ উকলা কলড্ৰিংছ। সম্প্ৰীতি কলগাছিয়াৰ বিভিন্ন এলেকাত ৰৌশন আলী নামৰ এজন ডীলাৰে পেপছি কোম্পানীৰ লগতে আন আন কোম্পানীৰ ম্যাদ উকলা কলড্ৰিংছ বজাৰত এৰি দিছে। ইয়াৰ ভিতৰত আছে পেপছি কোম্পানীৰ 7up আৰু অন্নপূৰ্ণা কোম্পানীৰ Funduz। ৰৌশন আলীয়ে ম্যাদ উকলা কলড্ৰিংছৰ ব্যৱসায় চলাই থকাৰ অভিযোগ ভিত্তিত আজি চলোৱা এক অভিযানত এই ঘটনা পোহৰলৈ আহে। কেবাখনো গাড়ীৰে ম্যাদ উকলা কলড্ৰিংছ বৃহত্তৰ কলগাছিয়াৰ বিভিন্ন দোকানত আধা দামত বিক্ৰী কৰা বুলি ৰৌশন আলীয়ে জানিবলৈ দিয়ে। ইফালে পেপছি কোম্পানীয়ে এই ম্যাদ উকলা কলড্ৰিংছ সমূহ ৰৌশন আলীক বিক্ৰী কৰিবলৈ দিছে বুলি গাড়ীৰ চালক তথা কৰ্মচাৰীয়ে জানিবলৈ দিয়ে। 

বাইট: গাড়ীৰ চালক আৰু ডীলাৰ ৰৌশন আলীৰ ।                                        
  --- বাপকন দাস, বৰপেটা                                                              
  ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.