ETV Bharat / state

ঘৰৰ ল'ৰা ঘৰলৈ উভতিল : পুনৰ এ আই ইউ ডি এফলৈ প্ৰাক্তন বিধায়ক আব্দুল ৰৌফ

author img

By

Published : Oct 9, 2019, 5:19 AM IST

জনীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰৌফৰ কংগ্ৰেছ ত্যাগ,ক'লে কংগ্ৰেছ প্লেনত উঠি ঘূৰি-ফুৰা দল ৷

ঘৰৰ ল'ৰা ঘৰলৈ উভতিল : পুনৰ এ আই ইউ ডি এফলৈ প্ৰাক্তন বিধায়ক আব্দুল ৰৌফ

জনীয়া, 8 অক্টোবৰ: উপ-নিৰ্বাচনৰ আগে আগে সঘনাই সলনি হৈছে নামনি অসমৰ সংখ্যালঘু অধ্যুষিত জনীয়া সমষ্টিৰ ৰাজনৈতিক দৃশ্যপট ৷ মঙলবাৰে কংগ্ৰেছ ত্যাগ কৰি পুনৰ এ আই ইউ ডি এফত যোগদান কৰিলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বহু বছৰ আগতে এ আই ইউ ডি এফ এৰি কংগ্ৰছলৈ যোৱা আব্দুল ৰৌফে ৷ অহা ২১ অক্টোবৰত ৰাজ্যৰ চাৰিটা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ ভিতৰত বৰপেটাৰ জনীয়া এটা উল্লেখনীয় সমষ্টি ৷ এই সমষ্টিটোত কংগ্ৰেছ দলৰ টিকট বিচাৰি আবেদন কৰা কংগ্ৰেছৰ কুৰিগৰাকী প্ৰাৰ্থীৰ ভিতৰত অন্যতম আছিল প্ৰাক্তন বিধায়ক আব্দুল ৰৌফ ৷ কিন্তু ৰৌফৰ সলনি কংগ্ৰেছ দলে আনক জনীয়া সমষ্টিৰ টিকট দিয়াত ক্ষোভিত হৈ মঙলবাৰে দল ত্যাগ কৰে প্ৰাক্তন বিধায়কজনে ৷

ঘৰৰ ল'ৰা ঘৰলৈ উভতিল

ইফালে সদ্য দলত্যাগী প্ৰাক্তন কংগ্ৰেছী বিধায়কজনে আজি এ আই ইউ ডি এত যোগদান কৰি সমালোচনাৰে থকা-সৰকা কৰে কংগ্ৰেছ দলক ৷ সাংবাদিকে তেওঁ কিয় এ আই ইউ ডি এফ যোগদান কৰিলে সেই বিষয়ে জানিব বিচৰাত আব্দুল ৰৌফে কয় যে, কংগ্ৰেছ দল হ'ল কেৱল এটা উৰাজাহাজত উৰি ফুৰা দল ৷ এই দলত দুখীয়া আৰু গৰীব মানুহৰ স্থান নাই, বিশেষকৈ কংগ্ৰেছ দলে কেতিয়াও সংখ্যালঘু ৰাইজৰ কথা নাভাবে তাৰ সলনি কংগ্ৰেছ এতিয়া ব্যস্ত কেৱল লবী আৰু পৰিয়ালকেন্দ্ৰীক ৰাজনীতিত ৷

লগতে এ আই ইউ ডি এফক দুখীয়াৰ দল বুলি মন্তব্য কৰি তেওঁ কয়, " এ আই ইউ ডি এফত যোগদান কৰি মোৰ ঘৰলৈ উভতি অহাৰ দৰে লাগিছে"৷ উল্লেখযোগ্য যে যোগদান সভাত কেব আৰু এন আৰ চিলৈও কংগ্ৰেছে দুমুখীয়া নীতি গ্ৰহণ কৰিছে বুলিও তাৎপয্যপূৰ্ণ মন্তব্য আগবঢ়ায় প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷ এইদৰে কংগ্ৰেছ দলৰ এগৰাকী প্ৰাক্তন বিধায়কে দল ত্যাগ কৰি পুনৰ তেওঁ আগৰ দল এ আই ইউ ডি এফলৈ উভতি যোৱাটো আগন্তক উপ-নিৰ্বাচন কাৰ বাবে সহায়ক ৰূপে পৰিগণিত হ'ব সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব ৷

Intro:slug: as_jania_8oct_abdul_rouf_joining_aiudf_vis1+byt1+pho1_story_asc10058

Anchor: কংগ্ৰেছ কেৱল এৰুপ্লেনত ঘূৰি-ফুৰা দল। বাৰ বছৰ বনবাসত থাকি ঘৰলৈ ঘুৰি আহিলো। কংগ্ৰেছ দল ত্যাগ কৰি ইউ ডি এফ দলত যোগদান কৰি এই মন্তব্য প্ৰকাশ কৰিছে জনীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰৌফে।Body:slug: as_jania_8oct_abdul_rouf_joining_aiudf_vis1+byt1+pho1_story_asc10058

VO: আগন্তুক ২১ অক্টোবৰত ৰাজ্যৰ চাৰিটা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ ভিতৰত বৰপেটা জিলাৰ জনীয়া সমষ্টি হৈছে এটা উল্লেখনীয় সমষ্টি। এই সমষ্টিটোত কংগ্ৰেছ দলৰ পৰা কুৰি গৰাকী প্ৰাৰ্থীয়ে দলীয় টিকট বিচাৰি আবেদন কৰিছিল। তাৰে ভিতৰত আছিল প্ৰাক্তন বিধায়ক আব্দুৰ ৰৌফ। কিন্তু আব্দুৰ ৰৌফ টিকটৰ পৰা বঞ্চিত হয়। টিকটৰ বঞ্চিত হোৱা পাছত প্ৰাক্তন বিধায়ক গৰাকীয়ে ইউ ডি এফ দলত যোগদান কৰে। কংগ্ৰেছ দল ত্যাগ কৰি ইউ ডি এফত যোগদান কৰা সম্পৰ্কে সাংবাদিকে জানিব বিচৰাত তেওঁ কয় যে, কংগ্ৰেছ দল হৈছে কেৱল এৰুপ্লেনত ঘূৰি ফুৰা দল। এই দলত কোনো গৰিব-দুখীয়া মানুহৰ সমস্যাৰ স্থান নাই। বিশেষকৈ সংখ্যালঘু ৰাইজৰ এই দলত কোনো মূল্য নাই। কংগ্ৰেছত লবি কেন্দ্ৰিক আৰু পৰিয়াল কেন্দ্ৰিক ৰাজনীতি চলে য'ত সংখ্যালঘু মানুহৰ কোনো নিৰাপত্তা নাই। তাৰ বিপৰীতে ইউ ডি এফ হৈছে গৰীব দুখীয়া মানুহৰ সমস্যাকলৈ যুদ্ধ কৰা ৰাইজৰ দল যাৰ বাবে ইউ ডি এফত যোগদান কৰিলো আৰু ইউ ডি এফত যোগদান কৰি নিজ ঘৰলৈ উভতি অহাৰ নিচিনা লাগিছে তাৎপয্যপূৰ্ণ মন্তব্য আগবঢ়ায়। কেব আৰু এন আৰ চিলৈও কংগ্ৰেছে দুমুখীয়া নীতি গ্ৰহণ কৰিছে বুলিও মন্তব্য কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে। উল্লেখ্য যে কংগ্ৰেছ দলৰ পৰা টিকট বঞ্চিত হৈ এ আই ইউ ডি এফত যোগদান কৰাৰ অভিযোগ নস‍্যাত কৰি কয় যে ইউ ডি এফত যোগদান কৰাটো কোনো টিকট কেন্দ্ৰিক নহয়।Conclusion:slug: as_jania_8oct_abdul_rouf_joining_aiudf_vis1+byt1+pho1_story_asc10058

Byte: জনীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰৌফ।

জনীয়াৰ পৰা স্বফিকুল হাছান ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.