পাঠশালা, 17 ছেপ্টেম্বৰ : বিজেপিয়ে NRCৰ সুৰুঙা লৈ ৰাইজৰ পৰা ভোট বেংক আদায় কৰিব বিচাৰে ৷ গতিকে, NRCৰ সমস্যাক সমস্যা হৈয়ে থাকিবলৈ দিয়ে বিজেপিয়ে ৷ বুধবাৰে নিশা পাঠশালাত উপস্থিত হৈ এই মন্তব্য প্ৰদান প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ৷ পাঠশালাৰ আৱাহন থিয়েটাৰৰ প্ৰয়োজক কৃষ্ণ ৰয়ৰ ঘৰত উপস্থিত হৈ এই মন্তব্য প্ৰদান প্ৰাক্তন মন্ত্ৰী গৰাকীৰ ৷
ইয়াৰ উপৰিও,অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য ৰকিবুল হুছেইনৰ ৷ ইফালে,বিপিএফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে স্পষ্ট কৈ কোনো ধৰণৰ মন্তব্য প্ৰদান নকৰিলেও মিত্ৰতাৰ ইংগিত দিয়ে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷
আনহাতে,বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসক প্ৰত্যাহ্বান জনাই ৰকিবুল হুছেইনে 2021 চনত কংগ্ৰেছে পুনৰ চৰকাৰ গঠন কৰিব বুলি মন্তব্য প্ৰদান কৰে ৷ লগতে,নৱ গঠিত আঞ্চলিক দল সন্দৰ্ভতো মন্তব্য প্ৰদান প্ৰাক্তন মন্ত্ৰী গৰাকীৰ ৷
লগতে পঢ়ক : পিছুৱাই দিয়া হ'ল ভাৰত-চীন সীমান্তৰ ওলমা দলং উদঘাটনৰ কাৰ্যসূচী