ETV Bharat / state

বৰপেটাৰোডত ব্যক্তিগত বাহনত ইভিএম উদ্ধাৰ

বৰপেটাৰোডত দুখনকৈ বাহনত ইভিএম উদ্ধাৰ ৷ বৰপেটাৰোড চহৰৰ 9 নং ৱাৰ্ডেৰে ব্যক্তিগত বাহনেৰে কঢ়িয়াই লৈ গৈ থকাৰ সময়ত স্থানীয় ৰাইজে উদ্ধাৰ কৰে ইভিএম কেইটা ৷ কোনো নিৰাপত্তাৰক্ষী নোহোৱাকৈ লৈ যোৱা হৈছিল ইভিএম কেইটা ৷

evm found in barpetaroad
বৰপেটাৰোডত ইভিএম উদ্ধাৰ
author img

By

Published : Apr 6, 2021, 2:58 PM IST

বৰপেটাৰোড, 6 এপ্ৰিল : ৰাজ্যত বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে বৰপেটাৰোডত দুখনকৈ বাহনৰ পৰা ইভিএম (ইলেক্ট্ৰনিক ভোটিং মেচিন) উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি বৰপেটাৰোড চহৰৰ 9 নং ৱাৰ্ডেৰে ব্যক্তিগত বাহনেৰে কোনো নিৰাপত্তাৰক্ষী নোহোৱাকৈ দুটাকৈ ই ভি এম কঢ়িয়াই লৈ গৈ থকাৰ সময়ত স্হানীয় ৰাইজে বাহনখন ৰখাই ই ভি এম মেচিন কিয় এইদৰে কঢ়িয়াই লৈ ফুৰিছে বুলি প্ৰশ্ন কৰে ৷ নিজকে জ'নেল বিষয়া বুলি পৰিচয় দিয়া বিষয়া গৰাকীয়ে এই সমূহ ই ভি এম মেচিন অতিৰিক্ত বুলি জানিবলৈ দিয়াত স্থানীয় ৰাইজে জ'নেল বিষয়া গৰাকীক নিৰাপত্তাৰক্ষী ক'ত বুলি প্ৰশ্ন কৰে ৷

বৰপেটাৰোডত দুখনকৈ বাহনত ইভিএম উদ্ধাৰ

জ'নেল বিষয়া গৰাকীয়ে নিৰাপত্তাৰক্ষী পাছফালে আছে বুলি জানিবলৈ দিয়ে যদিও কোনো নিৰাপত্তাৰক্ষী প্ৰত্যক্ষ নকৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ পাছত বৰপেটাৰোড আৰক্ষীয়ে গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, বৰপেটাৰোডৰ সমীপৰ কদমতল চকতো আন এখন ব্যক্তিগত বাহনৰ পৰা কেইবাটাও ইভিএম মেচিন উদ্ধাৰ হয় ৷ উল্লেখনীয়ভাৱে উক্ত ইভিএম কঢ়িওৱা বাহনত খনতো নাছিল কোনো নিৰাপত্তাৰক্ষী ৷ ঘটনাক লৈ স্থানীয় ৰাইজে পৰিৱেশ উত্তাল কৰি তোলাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীয়ে উক্ত ইভিএম সমূহ নিজৰ জিম্মাত লয় ৷ ইভিএম কঢ়িওৱা বাহন দুখনৰ নম্বৰ AS 15H 2183 আৰু AS 01 AJ 0106 বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: বঙাইগাঁৱৰ ভোটকেন্দ্ৰত প্ৰচণ্ড মাৰপিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.