ETV Bharat / state

বৰপেটাৰ কয়াকুছি বজাৰত বৰপেটা জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান - বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত

তিনিখনকৈ এক্সকেভেটৰ লগাই এফালৰ পৰা ভাঙি পেলোৱা হয় কয়াকুছি বজাৰৰ চৰকাৰী ভূমিত থকা দোকান সমূহ ৷ চিগনেছাৰ আঁচনিৰ অধীনত বজাৰখনত ১০ কোটি টকা ব্যয় সাপেক্ষে বজাৰ গৃহ নিৰ্মাণ আঁচনিৰ বাবেই বজাৰখনত প্ৰশাসনে উচ্ছেদ অভিযান চলাই বুলি জানিব পৰা গৈছে ৷

eviction-drive-of-administration-at-kayakuchi-market
বৰপেটাৰ কয়াকুছি বজাৰত বৰপেটা জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান
author img

By

Published : Sep 10, 2021, 5:53 PM IST

বৰপেটা, ১০ ছেপ্তেম্বৰ : বৰপেটাৰ কয়াকুছি বজাৰত বৰপেটা জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান ৷ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছি বজাৰৰ ২৪৩ টা দোকান গৃহত চলিল এক্সকেভেটৰ ৷ বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকৰ নেতৃত্বত জিলা প্ৰশাসনৰ বিষয়া, আৰক্ষী, চিআৰপিএফৰ বৃহৎ দল লৈ বজাৰখনত উচ্ছেদ অভিযান চলায় প্ৰশাসনে ৷

eviction-drive-of-administration-at-kayakuchi-market
বৰপেটাৰ কয়াকুছি বজাৰত বৰপেটা জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

তিনিখনকৈ এক্সকেভেটৰ লগাই এফালৰ পৰা ভাঙি পেলোৱা হয় বজাৰখনত চৰকাৰী ভূমিত থকা দোকান সমূহ ৷ চিগনেছাৰ আঁচনিৰ অধীনত বজাৰখনত ১০ কোটি টকা ব্যয় সাপেক্ষে বজাৰ গৃহ নিৰ্মাণ আঁচনিৰ বাবেই বজাৰখনত প্ৰশাসনে উচ্ছেদ অভিযান চলাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ বিশ্বনাথত উদ্ধাৰ নিমাতীঘাটত সন্ধানহীন হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ বেগটো

আনহাতে বজাৰখনৰ চৰকাৰী ভূমিত ব্যৱসায় চলাই থকা দোকানীসকলক বজাৰৰ মাটি মুকলি কৰি দিবলৈ জিলা প্ৰশাসনে দিয়া নিৰ্দেশ পালন নকৰাৰ বাবেই শুকুৰবাৰে এক্সকেভেটৰ লগাই বজাৰখনৰ ২৪৩ খনকৈ দোকান ভাঙি পেলায় জিলা প্ৰশাসনে ৷

ইপিনে উচ্ছেদ অভিযানৰ চলোৱাৰ মাজতে ৰাইজৰ দল আৰু বাওঁপন্থী দলৰ দুগৰাকী নেতাক আৰক্ষীয়ে থানালৈ মাতি নি থানাত বহুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে ৷ ৰাইজৰ দল আৰু বাওঁপন্থী দলৰ নেতা দুগৰাকীক আটক কৰা হোৱা নাই যদিও উচ্ছেদ কাৰ্যৰ প্ৰতিবাদৰ ভয়তে এইদৰে নেতা দুগৰাকীক কয়াকুছি থানাত আৰক্ষীয়ে বহুৱাই ৰাখিছে বুলি জানিব পৰা গৈছে ৷

সম্প্ৰতি উক্ত উচ্ছেদক লৈ ব্যৱসায়ীসকলে অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ লগতে তেওঁলোকে যাতে বজাৰ গৃহৰ আৱন্টন লাভ কৰে সেই বিষয়টোৰ প্ৰতি নজৰ দিবলৈও প্ৰশাসনক আহ্বান জনাইছে ৷

লগতে পঢ়কঃ ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম : সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.