ETV Bharat / state

স্বাধীনতাৰ 74 বছৰ পিচতো উন্নয়নে ঢুকি পোৱা নাই কলগাছিয়াৰ এটা অঞ্চল - ভয়ংকৰ দুৰ্ঘটনা

কলগাছিয়াৰ খাৰবাল্লীত বিপদ সংকুল যাত্ৰা কণ কণ ছাত্ৰ-ছাত্ৰীৰ । ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা । বেকী নৈৰ সূঁতিত দলং নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ । দাবী পূৰণ নহ’লে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান ।

স্বাধীনতাৰ 74 বছৰ পিচতো উন্নয়নে ঢুকি পোৱা নাই কলগাছিয়াৰ এটা অঞ্চল

author img

By

Published : Mar 17, 2021, 5:56 PM IST

জনীয়া,17 মাৰ্চঃ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বেকী নৈৰ সূঁতিৰে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে বিপদ সংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে । মৰণক শৰণ দি যাতায়ত কৰিব লগা হৈছে কণ কণ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ । চৰকাৰ আহিল আৰু চৰকাৰ গ'ল কিন্তু গাঁৱলীয়া ৰাইজৰ পৰিৱৰ্তন নহ’ল ।

উল্লেখযোগ্য যে, খাৰবাল্লীৰ পৰা ডাউকমাৰী, সূঁতিৰ পথাৰলৈ যোৱা ৰাস্তাটো বানে উটুৱাই নিয়াৰ পিছৰে পৰাই ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয়ৰ চাৰি শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে মহিলা, যুৱক-বৃদ্ধ সকলোৱে ঈশ্বৰৰ নাম লৈ বেকী নদীৰ সূঁতিৰে পাৰাপাৰ হ’বলগীয়া হৈছে ।

স্বাধীনতাৰ 74 বছৰ পিচতো উন্নয়নে ঢুকি পোৱা নাই কলগাছিয়াৰ এটা অঞ্চল

আনহাতে, উপায়ন্তৰ হৈ স্থানীয় ৰাইজে খাৰবাল্লীৰ সমীপত এখন দলং নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷ অন্যথা সমাগত বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে ভূক্তভোগী ৰাইজে ।

লগতে পঢ়কঃ ৰঙিয়াৰ প্ৰাৰ্থী দেবব্ৰত কলিতাৰ মনোনয়ন প্ৰত‍্যাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.