ETV Bharat / state

কলগাছিয়াৰ খাৰবাল্লীত বেকী নদীৰ কালৰূপ

author img

By

Published : Aug 17, 2020, 11:08 AM IST

কলগাছিয়াৰ খাৰবাল্লীত বেকী নদীৰ কালৰূপ । চপৰা চপৰে গৰা খহি এবছৰত উচন হল ৪০ টাকৈ পৰিয়ালৰ ঘৰ-ভেটি । বানপানীৰ পিছত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে খহনীয়াই । নৈৰ বুকুত জাহ গ'ল বিস্তৰ কৃষিভূমি । জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ ।

কলগাছিয়া
কলগাছিয়াৰ খাৰবাল্লীত বেকী নদীৰ কালৰূপ, 1 বছৰত উটি গ'ল ৪০ টা পৰিয়াল

কলগাছিয়া, 17 আগষ্টঃ বানৰ পাচতে খহনীয়াৰ বিভীষিকা ৰাজ্যজুৰি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে খহনীয়াৰ তাণ্ডৱ । ভয়ংকৰ খহনীয়াই সন্ত্ৰাস সৃষ্টি কৰিছে জনীয়া সমষ্টিৰ বিভিন্ন অঞ্চলত । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত আৰম্ভ হৈছে ব্যাপক খহনীয়া । বানৰ পাচত বেকী নদীয়ে কালৰূপ ধাৰণ কৰি অঞ্চলটোত ইতিমধ্যে উচন কৰিলে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ । চপৰা-চপৰে গৰা খহি এবছৰতে বেকী নৈত উটি গ'ল ৪০ টাকৈ পৰিয়ালৰ ঘৰৰ ভেটি ।

কলগাছিয়া
এবছৰত উচন হল ৪০ টাকৈ পৰিয়ালৰ ঘৰ-ভেটি

উল্লেখ্য যে, বিগত এবছৰ ধৰি বেকী নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰি খাৰবাল্লী, সুতিৰপাথাৰ, ডাউকমাৰী আদি ৰাজহ গাঁওসমূহ নিশ্চিহ্ন কৰি পেলাইছে । এসপ্তাহত নদীৰ বুকুত জাহ গ'ল বিঘাই বিঘাই শস্য শ্যামলা খেতি পথাৰ । বেকী নদীৰ খহনীয়াই সন্ত্ৰাস চলাই জনীয়া সমষ্টিৰ মানচিত্ৰ সলনি কৰাৰ পাচতো বৰ্তমানলৈকে অসম চৰকাৰৰ মন্ত্ৰী বা চৰকাৰৰ কোনো এজন প্ৰতিনিধি, সাংসদ, বিধায়কে ভুক্তভোগী লোকৰ খবৰ ল'বলৈ আহৰি পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । যাৰ পৰিপ্ৰেক্ষিতত জনপ্ৰতিনিধি তথা চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ভুক্তভোগী ৰাইজ ।

কলগাছিয়াৰ খাৰবাল্লীত বেকী নদীৰ কালৰূপ

লগতে পঢ়কঃ ডুমডুমাৰ টিপুকস্থিত ইটাভাটাৰ পুখুৰীত উদ্ধাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.