ETV Bharat / state

গছৰ ডালেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা নৈ পৰীয়াৰ - মানাহ নৈ

বৰপেটা আৰু বঙাইগাঁৱৰ সীমান্তৱৰ্তী আই আৰু মানাহ নৈৰ সংযোগস্থলী বহুকেইখন গাঁৱত ব্যাপক খহনীয়া । চৰকাৰ-প্ৰশাসনৰ সহায়ৰ পৰা বঞ্চিত হৈ গছৰ ডালেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে স্থানীয় ৰাইজে ৷

Erosion protection by Public in Barpeta
গছৰ ডালেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা গাঁওবাসীৰ
author img

By

Published : Oct 11, 2020, 9:10 PM IST

জনিয়া,11 অক্টোবৰ : বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী এলেকা আই আৰু মানাহ নৈৰ সংযোগস্থলী ঘোঁৰামাৰা,দলাগাছা গাঁৱত আৰম্ভ হৈছে ব্যাপক খহনীয়া । মানাহ নৈৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ লোৱাৰ পাচতো বৰপেটাৰ সাংসদ আব্দুল খালেক, উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰি, জনিয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ লগতে প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াত নিৰুপায় হৈ পৰিছে স্থানীয় ৰাইজ ৷

Erosion protection by Public in Barpeta
গছৰ ডালেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা গাঁওবাসীৰ

সেয়েহে উপায়হীন হৈ গছৰ ডালেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে গাঁওবাসীয়ে । বিগত প্ৰায় এমাহ ধৰি খহনীয়াই কালৰূপ ধাৰণ কৰাৰ ফলত কেইবাশ বিঘা খেতি মাটি,ঘৰ-দুৱাৰ আৰু বিদ্যালয় নৈৰ বুকুত বিলীন হৈ গৈছে ।

গৰাখহনীয়াৰ ফলত ৰঙাপানী সত্ৰ,শ্মাশান,মছজিদ,মেৰেৰচৰ আৰক্ষী থানা, ৰঙাপানী পৰমেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিকল্প ৰাজ্যিক ঘাইপথসহ সহস্ৰাধিক পৰিয়াললৈ সংকট নামি আহিছে ।

লগতে পঢ়ক: গো মাফিয়া আদম আলীৰ বাসগৃহত আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.