ETV Bharat / state

Erosion in Barpeta: যিকোনো মুহূৰ্ততে হাৰিজানৰ মথাউৰি চিঙি পানী সোমাব বৰপেটাত

হাৰিজানৰ মথাউৰিয়ে বৰপেটা চহৰলৈ কঢ়িয়াইছে ভাবুকি ৷ যিকোনো মুহূৰ্ততে হাৰিজানৰ মথাউৰি চিঙি পানী সোমাব পাৰে বৰপেটা চহৰত ৷

Erosion in Barpeta town
মথাউৰি হৈছে শংকাৰ কাৰণ
author img

By

Published : Jun 17, 2023, 1:59 PM IST

মথাউৰি হৈছে শংকাৰ কাৰণ

বৰপেটা, ১৭ জুন: বৰপেটা জিলাৰ হাৰিজানৰ মথাউৰিয়ে নিদ্ৰাহৰণ কৰিছে বৰপেটা চহৰবাসীৰ ৷ এই অৰ্ধনিৰ্মিত মথাউৰিটোৱে যিকোনো মুহূৰ্ততে ঘটাব পাৰে বিপদ ৷ ইতিমধ্যে মথাউৰিটোত আৰম্ভ হৈছে খহনীয়া ৷ এনেদৰে বৰষুণ হৈ থকাৰ ফলত কোন মুহূৰ্তত মথাউৰিটো চিঙি যায় তাক লৈ শংকিত চহৰখনৰ বাসিন্দা ৷

বিগত বৰ্ষত হাৰিজানৰ মথাউৰিৰ এটা অংশ চিঙি যোৱাৰ পিচত বিধ্বংসী বানত জলমগ্ন হৈ পৰিছিল সমগ্ৰ বৰপেটা চহৰ ৷ পৰৱৰ্তী সময়ত ৩ কোটি ৪০ লাখ টকা ব্যয়েৰে জলসম্পদ বিভাগে হাৰিজানৰ মথাউৰি নিৰ্মাণৰ কাম আৰাম্ভ কৰিছিল ৷ আনকি যোৱা ৫ মাৰ্চত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই হাৰিজানৰ মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শণ কৰি শীঘ্ৰে মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছিল ৷

পিছে মন্ত্ৰীয়ে নিৰ্দেশ দি যোৱাৰ তিনিমাহ পিচতো সম্পূৰ্ণ নহ'ল মথাউৰি নিৰ্মাণৰ কাম ৷ অতি নিম্নমানেৰে বন্ধা মথাউৰিটো যিদৰে হেলনীয়া হ'ব লাগিছিল সেয়াও নহ'ল । আনকি ৰ'লাৰ, কাৰ্পেটিং আদিও নকৰিলে ঠিকাদাৰে ৷ ফলত এতিয়া বৰপেটা চহৰবাসীৰ বাবে হাৰিজানৰ মথাউৰি হৈ পৰিছে ভয় আৰু শংকাৰ কাৰণ ৷

স্থানীয় ৰাইজে কয় যে গৰাখহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰিলে কম দিনতে ভয়ংকৰ বিপদত পৰিব বৰপেটা চহৰ । ইতিমধ্য়ে বৰপেটা জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগে ৰাইজক আতংকিত নহ'বলৈ আশ্বাস দিছে যদিও চহৰখন ৰক্ষা কৰিবলৈ চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ৷ উল্লেখ্য যে, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে, অহা এসপ্তাহ ৰাজ্য়ত অব্যাহত থাকিব প্ৰৱলবৃষ্টিপাত ৷ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত ৰাজ্যত প্ৰৱলৰ পৰা অতি প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে ৰাজ্যৰ ৪ খন জিলা বানৰ কবলত পৰিছে ৷ বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ১৯ হাজাৰ লোক ৷

স্থানীয় ৰাইজে ক্ষোভেৰে কয় যে দীৰ্ঘদিনৰ পৰাই এই অঞ্চলটোত হাৰিজানে তাণ্ডৱ চলাইছে । ইতিমধ্যে বহুতো ঘৰ আদি নদীৰ বুকুত বিলীন হৈছে যদিও চৰকাৰে আই নদীৰ বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব‍্যৱস্থা গ্ৰহণ কৰা নাই ।

লগতে পঢ়ক:Orange alert in Assam: প্ৰথমটো বানত ৩৪ হাজাৰৰো অধিক ক্ষতিগ্ৰস্ত, ২০ জুনলৈ বতৰৰ সতর্কতা বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.