ETV Bharat / state

বেকী নৈৰ গৰাখহনীয়াত আতংকিত ৰাইজ - আতংকিত ৰাইজ

বানৰ পাচত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বেঁকী নদীৰ গৰাখহনীয়া, আতংকিত ৰাইজ। চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ৷

বেকী নৈৰ গৰাখহনীয়াত আতংকিত ৰাইজ
author img

By

Published : Aug 8, 2019, 2:53 PM IST

বৰপেটা, 8 আগষ্টঃ বৰপেটাৰ কলগাছিয়াত বেকী নৈৰ গৰাখহনীয়াত আতংকিত ৰাইজ ৷ খহনীয়াত জাহ গল বহুলোকৰ ঘৰ-দুৱাৰ ৷

বেকী নৈৰ গৰাখহনীয়াত আতংকিত ৰাইজ

চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ অভিয়োগ ৷ ফলত পাঁচটাকৈ পৰিয়ালৰ ঘৰ-ভেটি উচন হোৱাৰ লগতে কুৰিটা পৰিয়াললৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি। বেকী নদীয়ে আপোন ভেটিটো খহাই নিয়াত এইদৰে ঘৰ-দুৱাৰ ভাঙি লৈ নিৰাপদ স্থানলৈ যোৱাৰ বাবে ঢাপলি মেলিছে খহনীয়াগ্ৰস্ত ৰাইজে। অতি শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে কলগাছিয়া, আমগুৰিকে ধৰি বৃহত্তৰ অঞ্চল গৰাখহনীয়াৰ কৱলত পৰাৰ আশংকা কৰিছে । সেয়ে অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ।

Intro:slug: as_jania_08aug_beki_erosion_at_kharballi_vis2+byt2+pho3_spl_pkg_story_asc10058

জনীয়া, ০৮ আগষ্ট: কলগাছিয়াৰ খাৰবাল্লীত বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া। ২৪ ঘন্টাত জাহ গল পাঁচটাকৈ পৰিয়ালৰ ঘৰ-ভেটি। আন কুৰিটা পৰিয়াললৈ সৃষ্টি হৈছে তীব্ৰ ভাবুকি।Body:slug: as_jania_08aug_beki_erosion_at_kharballi_vis2+byt2+pho3_spl_pkg_story_asc10058

বানপানী কমাৰ লগে লগে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বেঁকী নদীয়ে আৰম্ভ কৰিছে তীব্ৰ গৰাখহনীয়া। চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ ফলত বেঁকী নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰি ২৪ ঘন্টাৰ ভিতৰত পাঁচটাকৈ পৰিয়ালৰ ঘৰ-ভেটি উছন কৰাৰ লগতে কুৰিটা পৰিয়াললৈ সৃষ্টি কৰিছে তীব্ৰ ভাবুকি। বেঁকী নদীয়ে আপোন ভেটিটো খহাই নিয়াত এইদৰে ঘৰ-দুৱাৰ ভাঙি লৈ নিৰাপদ স্থানলৈ যোৱাৰ বাবে শেষ যুদ্ধত অৱতীৰ্ণ হৈছে খহনীয়াগ্ৰস্থ ৰাইজে। ইতিমধ্যে চাৰিবাৰকৈ খহনীয়াৰ কৱলত পৰা এই সকল লোকে শেষ আশ্ৰয়স্থল নিজৰ মাটি ডৰা হেৰুৱাই পথৰ ভিক্ষাৰীত পৰিনত হোৱাৰ লগতে অঘৰী জীৱন কটাবলগীয়া হোৱাটো নিশ্চিত হৈ পৰিছে। শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে খাৰবাল্লী, সুতিৰপাথাৰ, কলগাছিয়া, আমগুৰীকে ধৰি বৃহত্তৰ অঞ্চল গৰাখহনীয়াৰ কবলত পৰাৰ আশংকা কৰি চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। ফলত শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক দাবী জনাইছে। Conclusion:slug: as_jania_08aug_beki_erosion_at_kharballi_vis2+byt2+pho3_spl_pkg_story_asc10058

মন্তব্য: ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.