ETV Bharat / state

Erosion at Kalgachia : ঈদৰ আগদিনা চকুলো টুকিছে কলগাছিয়াৰ খহনীয়াগ্রস্ত লোক - নৈপৰীয়া ৰাইজৰ মাজত নাই পৱিত্ৰ ঈদৰ উছাহ

কলগাছিয়াৰ কাউৰঝাহি গাঁৱৰ নৈপৰীয়া ৰাইজৰ মাজত নাই পৱিত্ৰ ঈদৰ উছাহ । ঈদৰ আগদিনা চকুলো টুকিছে খহনীয়াগ্রস্ত লোকসকলে । খহনীয়া প্ৰতিৰোধৰ দাবী জনোৱাৰ লগতে অনাগত দিনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে ভুক্তভোগীলোকসকলে ।

Erosion at Kalgachia
ঈদৰ আগদিনা চকুলো টুকিছে কলগাছিয়াৰ খহনীয়াগ্রস্থ লোক
author img

By

Published : Jun 28, 2023, 1:51 PM IST

ঈদৰ আগদিনা চকুলো টুকিছে কলগাছিয়াৰ খহনীয়াগ্রস্থ লোক

বৰপেটা, 28 জুন : কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ঈদ-উজ-জোহা । বিশ্বব্যাপী ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা । কিন্তু তাৰ বিপৰীতে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়াৰ কাউৰঝাহি গাঁৱত দেখা গৈছে এক কৰুণ ছবি । ইউছুব বজাৰৰ সমীপত কাউৰঝাহি গাঁৱত পৱিত্ৰ ঈদৰ আগ দিনা পৰ্যন্ত দেখিবলৈ পোৱা হোৱা নাই কোনো উৎসাহ-উদ্দীপনা ৷

গৰাখহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত তথা ব্যাপক গৰাখহনীয়া অব্যাহত থকাৰ ফলত হুনোফা খাতুন নামৰ এগৰাকী মহিলাই সংবাদ মাধ্যমৰ আগত গৰাখহনীয়াৰ কালৰূপ বিৱৰি কৈ কান্দোনত ভাঙি পৰা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে ঈদ যদিও বৰ্তমান পৰ্যন্ত ঈদৰ কোনো বজাৰ-সমাৰ কৰিব পৰা নাই মহিলাগৰাকীয়ে । বিগত কেইবাদিনো ধৰি ধাৰাষাৰ বৰষুণ অব্যাহত থকাত গৰাখহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে গাঁওখনত ৷

কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যোৱাৰ লগতে জাহ যাব ধৰিছে খেতি পথাৰবোৰো । ফলত গৃহহীন হোৱাৰ পথত কেইবাটাও পৰিয়াল । মুঠতে ঈদৰ আনন্দৰ বিপৰীতে মৌলিক প্ৰয়োজন পূৰণৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে খহনীয়াগ্ৰস্ত লোকসকলে । কেৱল জনপ্ৰতিনিধিসকলে ভোটৰ সময়ত ভোট ভিক্ষা কৰি বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনত জিকাৰ পাছত কোনো খবৰ নোলোৱাৰ অভিযোগ তোলে ভুক্তভোগী লোকসকলে ।

পৰৱৰ্তী নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে ভুক্তভোগী লোকসকলে । ইফালে কলগাছিয়াৰ পৰা ইউছুব বজাৰ হৈ লাচাংগা বজাৰলৈ যোৱা গড়কাপ্তানী পথটো বেঁকী নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে । যদি অতি সোনকালে খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে কলগাছিয়ালৈ বেকী নৈয়ে ভাবুকি কঢ়িয়াই আনিব বুলি ৰাইজে আশংকা প্ৰকাশ কৰে ।

লগতে পঢ়ক : Scam in PDS : 1800 কুইন্টল সুলভ মূল্যৰ চাউল হৰলুকিৰ অভিযোগ; প্ৰশাসনে ছীল কৰিলে গুদাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.