বৰপেটা,26 মাৰ্চঃ বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামুৰীয়া অঞ্চল বৰটাৰীত চলি আছে বন ধ্বংস যজ্ঞ ৷ বন বিভাগ আৰু আৰক্ষী প্ৰশাসনক মেনেজ কৰি চোৰাং কাঠৰ ব্যৱসায়ীয়ে চলাই আছে ৰমৰমীয়া বেহা ৷
কিন্তু চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত থকাৰ পাচতো চকু মুদাৰ কুলিৰ ভূমিকাত প্ৰশাসন তথা বন বিভাগ ৷ এইক্ষেত্ৰত শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে কৃষক মুক্তি আৰু আমছুৱে ৷