ETV Bharat / state

মহাজোঁটৰ চৰকাৰ হ’লে বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত নিক্ষেপ কৰা হ’বঃআব্দুল খালেক

বুধবাৰে কলগাছিয়াত উদ্বোধন কৰা হয় এ আই ইউ ডি এফ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামৰ কেন্দ্ৰীয় নিৰ্বাচনী কাৰ্যালয় ৷ এই কাৰ্যালয় উদ্বোধন কৰে সাংসদ আব্দুল খালেকে ৷

মহাজোঁটৰ চৰকাৰ হ’লে বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত নিক্ষেপ কৰা হ’বঃ সাংসদ

author img

By

Published : Mar 25, 2021, 10:23 AM IST

জনীয়া, 25 মাৰ্চ: বুধবাৰে কলগাছিয়াত উদ্বোধন কৰা হয় এ আই ইউ ডি এফ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামৰ কেন্দ্ৰীয় নিৰ্বাচনী কাৰ্যালয় ৷ এই কাৰ্যালয় উদ্বোধন কৰে সাংসদ আব্দুল খালেকে ৷

মহাজোঁটৰ চৰকাৰ হ’লে বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত নিক্ষেপ কৰা হ’বঃআব্দুল খালেক

কলগাছিয়াৰ এই নিৰ্বাচনী কাৰ্যালয়ৰ উদ্বোধন অনুষ্ঠানত অংশ লৈ সাংসদ আব্দুল খালেকে "অসম থাকিলেহে, হিন্দু-মুছলমান থাকিব" মন্তব্য কৰে ৷ মহাজোঁটৰ চৰকাৰ আহিলে সৰ্বা-হিমন্তৰ বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত নিক্ষেপ কৰা হ’ব বুলিও কয় সাংসদ গৰাকীয়ে । মহাজোঁটৰ চৰকাৰ হ’লে আইনী প্ৰক্ৰিয়াৰে ডি ভোটাৰৰ সমস্যাৰ সমাধান কৰিব আৰু বিজেপি নামৰ দৈত্যটোক পিঞ্জৰাত বন্দী কৰা হ’ব বুলি কটাক্ষ কৰে সাংসদ গৰাকীয়ে । লগতে বিহাৰৰ বিধায়কক আক্ৰমণ কৰা ঘটনাক গৰিহণা দিয়াৰ লগতে গণতন্ত্ৰক হত্যা কৰাসকল হিটলাৰৰ বংশধৰ বুলিও কয় সাংসদ আব্দুল খালেকে ।

ইফালে ড৹ হাফিজ ৰফিকুল ইছলামে সাংবাদিকৰ আগত কয় যে, এইবাৰৰ নিৰ্বাচনত অসমৰ পৰা নাগপুৰীয়া সভ্যতাক বিদায় দিব আৰু লুইতপৰীয়া সভ্যতা প্ৰতিষ্ঠা হ’ব । মহাজোঁটৰ চৰকাৰ হোৱাৰ লগে লগে বিধান সভাত 'কা'ৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব । লগতে হিমন্ত বিশ্বৰ অহংকাৰ চূৰ্ণ হ’ব । এই বুলি মন্তব্য কৰে এ আই ইউ ডি এফ প্ৰাৰ্থী গৰাকীয়ে ৷

বুধবাৰে কলগাছিয়াত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰা অনুষ্ঠানত উপস্থিত থাকে মহিলা কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতৃ সুমিত্ৰা যাদৱ সহ কংগ্ৰেছ, চি পি এম আৰু ইউ ডি এফ দলৰ অসংখ্য নেতা কৰ্মীসহ শতাধিক ৰাইজ ৷

লগতে পঢ়ক: কাৰ ফোনৰ বাবে অপেক্ষা কৰিছে গৌৰৱ গগৈয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.