ETV Bharat / state

এখন ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ সভা

author img

By

Published : Apr 2, 2021, 7:26 PM IST

Updated : Apr 2, 2021, 7:38 PM IST

শুকুৰবাৰে বাঘবৰত শ্বেৰমান আলী আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এটা বিশেষ নৃত্য-গীত আৰু বাদ্যযন্ত্ৰীৰ দলে ৷ তেওঁলোকৰ বাজনাৰ শব্দ শুনিয়েই সভাত উপস্থিত হয় বহু লোক ৷

এখন ব্যতিক্ৰমি নিৰ্বাচনী প্ৰচাৰ সভা চাওঁক

বৰপেটা,২ এপ্ৰিল : অসমত নিৰ্বাচনৰ বতৰ ৷ ইতিমধ্যে দুটা পৰ্যায়ৰ নিৰ্বাচন পাৰ হৈ যোৱাৰ পিচত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ চলি আছে নামনি অসমত ৷ নামনি অসমত নিৰ্বাচন মানেই যেন উৎসৱ ৷ বিশেষকৈ নামনি অসমৰ সংখ্যালঘু লোকসকলৰ বাবে নিৰ্বাচন যেন ৫ বছৰৰ মূৰত অহা এক উৎসৱহে ৷

সংখ্যালঘু অধ্যুষিত অঞ্চলৰ প্ৰতিটো দলৰ প্ৰতিখন নিৰ্বাচনী সভাতেই সমানেই মানুহৰ উপস্থিতি ৷ হেলিকপ্টাৰ চাবলৈকে হওক বা নেতাৰ ভাষণ শুনিবলৈকে হওক প্ৰতিখন নিৰ্বাচনী সভাতেই মানুহৰ বিশাল উপস্থিতি ৷ এই সভাবোৰ নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰাল ভাৱে যেন হৈ পৰে মেলা ৷ মেলাত চলা দোকান পোহাৰৰ দৰেই প্ৰতিখন সভাতেই চলে বিবিধ ধৰণৰ দোকান-পোহাৰ ৷

এখন ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ সভা চাওক

শুকুৰবাৰে বাঘবৰত শ্বেৰমান আলী আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এটা বিশেষ নৃত্য-গীত আৰু বাদ্যযন্ত্ৰীৰ দলে ৷ তেওঁলোকৰ বাজনাৰ শব্দ শুনিয়েই সভাত উপস্থিত হয় বহু লোক ৷ বিশেষ নৃত্য-গীত আৰু বাদ্যযন্ত্ৰীৰ দলৰ এজন সদস্যই উল্লেখ কৰে যে, ৫ বছৰৰ পিচত হে আহে নিৰ্বাচন ৷ ৰাইজে নিৰ্বাচন কৰে ৰজা ৷ সেয়ে এয়া ৰাইজৰ বাবে একপ্ৰকাৰ উৎসৱেই ৷ ৰাইজলৈ তেওঁৰ আহ্বান সকলোৱে নিৰ্বাচনত অংশগ্ৰহণ কৰক আৰু ভোটাধিকাৰ সাব্যস্ত কৰি যোগ্য জনপ্ৰতিনিধি নিৰ্বাচন কৰক ৷

লগতে পঢ়কঃ পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে টীয়কত প্ৰতিবাদ

Last Updated : Apr 2, 2021, 7:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.