ETV Bharat / state

ভৱানীপুৰত উদাত্ত কণ্ঠৰে নিৰ্বাচনী প্ৰচাৰ চলালে ভূপেন বৰাই

author img

By

Published : Oct 27, 2021, 11:18 AM IST

আজি উপ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন ৷ অন্তিমটো দিনৰ পূৰ্বে অৰ্থাৎ মঙলবাৰে ভৱানীপুৰ সমষ্টিত দলীয় প্ৰাৰ্থীৰ হকে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বিধায়ক ক্ৰয়কাৰী মুখ্য়মন্ত্ৰীৰূপে কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

ভৱানীপুৰত উদাত্ত কণ্ঠৰে নিৰ্বাচনী প্ৰচাৰ চলালে ভূপেন বৰাই
ভৱানীপুৰত উদাত্ত কণ্ঠৰে নিৰ্বাচনী প্ৰচাৰ চলালে ভূপেন বৰাই

বৰপেটাৰোড, 27 অক্টোবৰ : ভৱানীপুৰৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসৰ সমৰ্থনত মঙলবাৰে বিয়লি মাজগাঁৱত এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বিশাল নিৰ্বাচনী জনসভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভৱানীপুৰ সমষ্টিৰ বহু ৰাজনৈতিক ইতিহাস ৰক্তৰে ৰঞ্জিত হৈ আছে বুলি কয় ৷

ভৱানীপুৰ সমষ্টিত কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

অসম আন্দোলনত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে যদি বুকুত গুলী পাতি নল’লেহেতেন, অসমে কেতিয়াও অসম চুক্তি লাভ নকৰিলেহেতেন বুলি ভাষণত প্ৰকাশ কৰে বৰাই ৷ সেই অসম চুক্তিৰ আত্মাক হত্যা কৰাৰ কাৰণে যেতিয়া বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰিলে সেই ষড়যন্ত্ৰ প্ৰতিহত কৰিবলৈ ভৱানীপুৰৰে সন্তান আব্দুল আলিমে বুকুত গুলী পাতি ল’লে বুলি উদাত্ত কণ্ঠেৰে দোহাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

তাৰোপৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ কাৰ্যকালত ভূ-মাফিয়া ফণী তালুকদাৰক হেণ্ডকাফ লগাইছিল বুলি উল্লেখ কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ফণী তালুকদাৰক বিজেপিলৈ আদৰণি জনাই ভৱানীপুৰ সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছৰ সভাপতি বৰাই ৷ তদুপৰি উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসৰ পৰিয়ালে বিদ্যালয় স্থাপনৰ বাবে প্ৰায় ১৩ বিঘা ভূমি দান কৰাৰ কথা উল্লেখ কৰি ভূপেন বৰাই ৰাইজক উদ্দেশ্যি ভূ-মাফিয়া নে ভূমি প্ৰদানকাৰীক ভোট দিব বুলি প্ৰশ্ন উত্থাপন কৰে ৷

নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ভূপেন বৰা

একেখন নিৰ্বাচনী সভাতে মুখ্যমন্ত্ৰী শৰ্মাক বিধায়ক ক্ৰয়কাৰী মুখ্যমন্ত্ৰী বুলি কঠোৰ সমালোচনা কৰে সভাপতি বৰাই ৷ সভাত সৰ্বভাৰতীয় কংগ্ৰেছৰ সম্পাদক তথা অসমৰ পৰ্যবেক্ষক পৃথিৱীৰাজ প্ৰভাকৰ সাথে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধি ঘটাই সাধাৰণ ৰাইজক মাধমাৰ শোধোৱাৰ কথা উল্লেখ কৰে ৷

উক্ত নিৰ্বাচনী সভাতে ভৱানীপুৰ সমষ্টিৰ এআইইউডিএফৰ প্ৰাক্তন বিধায়ক আবুল কালাম আজাদ আৰু কেন্দ্ৰীয় সম্পাদক প্ৰশান্ত কুমাৰ শৰ্মাই দলত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে ৷

লগতে চাওক: 30 অক্টোবৰত Paid Holiday ঘোষণা অসম চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.