বৰপেটা, 31 মাৰ্চ : অহা 6 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ ইয়াকে লৈ গৰম হৈ পৰিছে সৰুক্ষেত্ৰীৰ ৰাজনৈতিক বতাহ ৷ বুধবাৰে সৰুক্ষেত্ৰীৰ সৰ্থেবাৰীত মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অগপৰ ৰাজ্যিক সভাপতি অতুল বৰাই ৷
নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ তেওঁ কয় যে, পদুম মানে হাতী, হাতী মানে পদুম ৷ অহা এক বছৰত এক লাখ চাকৰি দিয়াৰো প্ৰতিশ্ৰুতি মন্ত্ৰী শৰ্মাৰ ৷ তেওঁ লগতে কয়, বদৰুদ্দিন আজমলে সংখ্যালঘু মহিলাক সন্তান জন্ম দিয়াৰ মেছিন বনাব খুজিছে ৷ আজমলৰ পেটত সন্তান জন্ম হ'লেহে গম পালেহেঁতেন সন্তান জন্ম দিয়াৰ যন্ত্ৰণা ৷
বন্ধন বেংকৰ ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে বন্ধন বেংকৰ ঋণ চৰকাৰে পৰিশোধ কৰিব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ ডেকাসকলক বিজেপি ৰঙৰ অৰ্থাৎ গেৰুৱা ৰঙৰ বুলেট দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰীকো স্কুটী দিয়াৰ প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ ৷ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি অনুযায়ী প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰতিদিনে এশ টকাকৈ খৰচ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে তেওঁ ৷
ইয়াৰোপৰি, অগপৰ ৰাজ্যিক সভাপতি অতুল বৰাই কয় যে, পুনৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বতে ৰাজ্যত চৰকাৰ গঠন হ'ব ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 42 খনৰো অধিক আসন মিত্ৰজোঁটে দখল কৰিব বুলি মন্তব্য কৰে তেওঁ ৷ কল্পনা পাটোৱাৰীয়ে গীত-কথাৰে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিব পাৰিব বুলি কয় অতুল বৰাই ৷ সৰুক্ষেত্ৰী এটা সংস্কৃতিবান সমষ্টি বুলি উল্লেখ কৰাৰ লগতে কংগ্ৰেছে সদায় সংখ্যালঘু লোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল বুলি মন্তব্য কৰে অতুল বৰাই ৷
কংগ্ৰেছৰ অসম বচাওঁ অভিযান নহয়, কংগ্ৰেছ বচাওঁ অভিযানহে বুলি কটাক্ষ কৰে বৰাই ৷ তেওঁ লগতে কয়, আজমলে সঁচা কথাই কৈছে ৷ তেওঁৰ হাততেই মহাজোঁটৰ তলা-চাবি থাকিব বুলি মন্তব্য কৰি দেশৰ স্বাধীনতা অনা দলটোকেই নাকী লগাই দিলে বুলিও মন্তব্য কলে অতুল বৰাই ৷ "ওপৰত আল্লাহ তলত আজমল" বুলি বদৰুদ্দিন আজমলে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অতুল বৰাই কয় "বদৰুদ্দিন আজমলে বেহেস্ত নাপাব" ৷
লগতে পঢ়ক : উৰিষ্যা কংগ্ৰেছৰ উপাধ্যক্ষ প্ৰদীপ মাঝিৰ সৈতে ইটিভি ভাৰত অসমৰ আছুতীয়া সাক্ষাৎকাৰ