জনীয়া,30 মাৰ্চ : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ সমাপ্ত হোৱাৰ পাচতে ৰাজ্যৰ দলীয় নেতা-কৰ্মীসকলে আৰম্ভ কৰিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য ৷ বৰপেটাৰ বালিকুৰি সাপ্তাহিক বজাৰত মঙলবাৰে নিৰ্দলীয় প্ৰাৰ্থী ড৹ আৰশ্বাদ আলী আহমেদে গাড়ীত মাইক বান্ধি পদ পথত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় ৷

ইফালে, অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী তথা অধিবক্তা শুকুৰ আলী আহমেদে বালিকুৰি সাপ্তাহিক বজাৰত ৰাইজৰ কাষ চাপি ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা কৰে । ঠিক তেনেদৰে, ৰাইজৰ দলৰ প্ৰাৰ্থী আশ্ৰফুল ইছলামেও বালিকুৰি বজাৰত এখন জনসভা সম্বোধন কৰে । প্ৰতি গৰাকী প্ৰাৰ্থীয়েই বিপুল ভোটৰ ব্যৱধানত জয়ী হোৱাৰ দাবী কৰাৰ লগতে বৰ্তমানৰ বিধায়ক তথা মহাজোটৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামক সমালোচনা কৰা দেখা যায় ।

আনহাতে, নিৰ্দলীয় প্ৰাৰ্থী ৰাইজুদ্দিনে মন মেলিছে মুখ্যমন্ত্ৰী হোৱাৰ । ৰাইজুদ্দিনৰ যুক্তি অনুসৰি, মহাজোঁট অথবা মিত্ৰজোঁটে চৰকাৰ গঠন কৰিবলৈ যদি এগৰাকী বিধায়কৰ দৰকাৰ হয়, তেন্তে ৰাইজুদ্দিনে দাবী কৰিব মুখ্যমন্ত্ৰী পদৰ । চাহ বিক্ৰেতা যদি প্ৰধানমন্ত্ৰী হ'ব পাৰে তেন্তে ৰাইজুদ্দিনে কিয় মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব বুলি মন্তব্য কৰে ৰাইজুদ্দিনে ।

লগতে পঢ়ক : ১ এপ্ৰিলত হােজাই জিলা বন্ধৰ ঘোষণা