বৰপেটা, 24 মে’: চৰকাৰী নিৰ্দেশনা অনুসৰি বৰপেটা চহৰতো অনুষ্ঠিত নহয় ঈদৰ সমূহীয়া নামাজ ৷ বৰপেটাৰ মুছলিমপট্টিত খাদেমুল ইছলাম সমাজে আয়োজন কৰা ঈদৰ সমুহীয়া নামাজ দেওবাৰে বাতিল কৰে খাদেমুল ইছলাম সমাজে ৷ কোনো ঈদগাহ, মছজিদ অথবা ৰাজহুৱা স্থানত আয়োজন নকৰে পৱিত্ৰ ঈদ-উল- ফিটৰৰ সমুহীয়া নামাজ ৷
বৰপেটা জিলা খাদেমুল ইছলাম সমাজৰ সম্পাদক হুছেইন ৰিজৱানীয়ে সাংবাদিকৰ আগত ব্যক্ত কৰে এই সিদ্ধান্ত । আনহাতে, ইছলামধৰ্মী লোকসকলক সমুহীয়া নামাজত অংশ নল’বলৈ ইতিমধ্যে বৰপেটা চহৰত মাইকযোগে ঘোষনা কৰিছে খাদেমুল ইছলাম সমাজে ।
লগতে পঢ়ক: সাংসদ প্ৰদ্যুত বৰদলৈ সন্ধানহীন ! পোষ্টাৰক লৈ ক্ষুণ্ণ কংগ্ৰেছ মহল