জনীয়া, 24 ছেপ্তেম্বৰ : কলগাছিয়াৰ টাপেশ্বৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰে নিখিল ভাৰত কৃষক সভাৰ টাপেশ্বৰা আঞ্চলিক সমিতিয়ে ৷ কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী আইন প্ৰণয়নৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে সমিতিৰ সদস্যই ৷ প্ৰতিবাদত সভাৰ কৃষক সভাৰ নেতৃত্বই হুংকাৰ দিয়ে যে, চৰকাৰে কৃষকৰ ধৈৰ্যৰ বান্ধ ছিঙিবলৈ চেষ্টা কৰিব নালাগে ৷
ইয়াৰোপৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক গাদীৰ পৰা নমাবলৈ কৃষকৰ বেছি সময় নালাগিব বুলি সকীয়নি দিয়ে কৃষক সভাৰ নেতৃত্বই । নিত্য প্ৰয়োজনীয় চাউল, দালি, আলু, মিঠাতেল অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা উলিয়াই দিয়াৰ ঘোৰ বিৰোধিতাৰে বৃহস্পতিবাৰে পুৱাৰ ভাগত কলগাছিয়াৰ টাপেশ্বৰা লাকী বজাৰত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ।
লগতে পঢ়ক : অগপক সমষ্টি এৰি দিবলৈ অনিচ্ছুক টীয়কৰ দুই মণ্ডল বিজেপি