ETV Bharat / state

বেঁকী নৈৰ বাঢ়নী পানীত কলগাছিয়াত যোগাযোগ বিচ্ছিন্ন

বৰ্তমান ৰাজ্যৰ অধিক সংখ্যক জিলাতেই বানৰ সংহাৰী ৰূপ। ফেনে ফোটোকাৰে বাঢ়ি থকা ৰাজ্যৰ নদীসমূহে সংহাৰী ৰূপ লৈ চলাই গৈছে তাণ্ডৱ। বৰপেটা জিলাতো দেখা পোৱা গৈছে একেই প্ৰতিচ্ছবি। জিলাখনৰ বেঁকী নৈৰ বাঢ়নী পানীত জাহ গৈছে বহুজনৰ মাটি সম্পত্তি। বানত উটি গৈছে বহু পৰিয়ালৰ ঘৰ। জিলাখনৰ কলগাছিয়াৰ লাচাংগাত বেঁকী নৈৰ বাঢ়নী পানীৰ প্ৰৱল সোঁতত ছিঙিল লাচাংগা-কলগাছিয়া সংযোগী পথটো। নিমিষতে জাহ গ'ল এটা পৰিয়ালৰ তিনিটাকৈ বাসগৃহ । অৱশ্যে কথমপি ৰক্ষা পৰিল আন তিনিটা পৰিয়ালৰ সম্পত্তিকে ধৰি বাসগৃহ কেইটা ।

due to flood of beki river people lost their land house property etc
বেঁকী নৈৰ বাঢ়নী পানীত কলগাছিয়াত যোগাযোগ বিচ্ছিন্ন; জাহ গেছে বহু পৰিয়াল মাটি সম্পত্তি
author img

By

Published : Jul 17, 2020, 6:13 PM IST

জনীয়া,১৭ জুলাই: কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত লাচাংগা গাঁৱত সোমোৱা বানত জাহ গ'ল মজিব'ৰ ৰহমান নামৰ ব্যক্তিজনৰ মাটি ভেটিকে ধৰি সমগ্ৰ সম্পত্তি । তাৰোপৰি পানীৰ তলত এতিয়া অঞ্চলটোৰ বহু পৰিয়ালৰ বাসগৃহ । ইফালে পানীৰ প্ৰৱল সোঁতে ছিঙি লৈ গ'ল লাচাংগা-কলগাছিয়া সংযোগী পথটোও ।

বেঁকী নৈৰ বাঢ়নী পানীত কলগাছিয়াত যোগাযোগ বিচ্ছিন্ন

অঞ্চলবাসীৰ এনে জটিল পৰিস্থিতিৰ বুজ ল'বলৈ শুকুৰবাৰে লাচাংগা গাঁৱত উপস্থিত হ'ল এ আই ইউ ডি এফৰ এটা সঁজাতি দল। দলটোৱে গাঁৱৰ লোকসকলৰ দুৰ্দশাৰ বুজ লোৱাৰ লগতে অধিক ক্ষতিগ্ৰস্ত মজিবৰ ৰহমানৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোৰ ক্ষয় ক্ষতিৰো বুজ লয় । সঁজাতি দলটোৱে বহুকেইটা ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত ত্ৰিপাল আৰু বস্ত্ৰও বিতৰণ কৰে ।

লগতে মজিবৰ ৰহমানৰ পৰিয়ালটোক দুই বাণ্ডল টিনপাত দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে গাঁওখনৰ ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক অজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা শীঘ্ৰেই ৰিলিফৰ ব্যৱস্থা কৰা হ'ব বুলি অৱগত কৰিলে সজাঁতি দলটোত যোৱা এ আই ইউ ডি এফৰ কৰ্মীসকলে ।

লগতে চাওকঃ হাতী মানুহৰ ভয়াৱহ সংঘাতৰ শিহৰণকাৰী দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.