ETV Bharat / state

Drugs Peddler Arrested: বৰপেটাত কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰী আটক

ড্ৰাগছৰ অবৈধ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ অসামৰিক পোছাকত বৰপেটা আৰক্ষীৰ অভিযান ৷ এই অভিযানত আৰক্ষীয়ে এটা ড্ৰাগছ সৰবৰাহকাৰীসহ কেবাটাও ব্ৰাউন ছুগাৰৰ কণ্টেইনাৰ জব্দ কৰে (Brown Sugar seized at palhazi)৷

author img

By

Published : Aug 9, 2022, 6:53 PM IST

drugs peddler arrested at palhazi
বৰপেটাত ব্ৰাউন ছুগাৰৰ কণ্টেইনাৰসহ সৰবৰাহকাৰী আটক

বৰপেটা, 9 আগষ্ট: ৰাজ্যত নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী পূৰ্বতকৈ অধিক কঠোৰ হৈ অব্যাহত ৰাখিছে অভিযান (Anti drugs mission by Assam police)৷ সমান্তৰালভাৱে বৰপেটা আৰক্ষীও এই ক্ষেত্ৰত অধিক সতৰ্কতাৰে ড্ৰাগছৰ অবৈধ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই গৈছে ৷

শেহতীয়াকৈ বৰপেটাৰ পালহাজীত মঙলবাৰে বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বেশ সলনি কৰি অসামৰিক পোছাকত অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে কেবাটাও ব্ৰাউন ছুগাৰৰ কণ্টেইনাৰ জব্দ কৰে (Brown Sugar seized at palhazi)৷

ধৃত সৰবৰাকাৰীটোৰ নাম নুৰ ইছলাম বুলি জানিব পৰা গৈছে (Drugs Peddler Arrested)৷ নুৰ ইছলামৰ ঘৰ দক্ষিণ পালহাজী গাঁৱত ৷

ইফালে ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা ৩৩ টা ব্ৰাউন ছুগাৰভৰ্তি কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে বিগত ২৪ ঘন্টাৰ ভিতৰত বৰপেটা সদৰ আৰক্ষীয়ে দুটাকৈ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে (Two drugs peddler arrested in Barpeta)৷

লগতে পঢ়ক: Minor arrested with Drugs: জোনাইত ড্ৰাগছসহ আটক এজন কিশোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.