ETV Bharat / state

তাৰাবাৰী আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী - জব্দ ব্ৰাউনচুগাৰ ভৰ্তি ১৬ টা প্লাষ্টিকৰ কন্টেইনাৰ

ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে বৰপেটা জিলা আৰক্ষী প্ৰশাসন । নিৰ্বাচনৰ পূৰ্বে তাৰাবাৰী আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী । ধৃত দুই ড্ৰাগছ ব্যৱসায়ীৰ পৰা জব্দ ব্ৰাউনচুগাৰ ভৰ্তি ১৬ টা প্লাষ্টিকৰ কন্টেইনাৰ । সম্প্ৰতি দুয়ো আৰক্ষীৰ জালত ।

তাৰাবাৰী আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী

author img

By

Published : Mar 12, 2021, 11:35 AM IST

বৰপেটা ১২ মাৰ্চ: সমাগত অসম বিধানসভা নিৰ্বাচন । ৰাজ্যত নিৰ্বাচন আচৰণবিধি বলৱৎ হৈ থকাৰ পৰিপ্রেক্ষিতত তাৰাবাৰী আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী । বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰৰ নেতৃত্বত জিলাখনৰ চুকে-কোণে চলিছে ড্ৰাগছ বিৰোধী অভিযান । ড্ৰাগছ বিৰোধী অভিযানত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী । তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ তৎপৰতাত ধৃত দুই ড্ৰাগছ ব্যৱসায়ী আৰক্ষীৰ জালত ।

তাৰাবাৰী আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী
তাৰাবাৰী আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী

বিশেষ সূত্ৰৰ পম খেদি জ্যোতিষ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই বহৰি বাছ আস্থানৰ পৰা ড্ৰাগছৰ ব্যৱসায়ৰ লগত জৰিত থকাৰ অভিযোগত দুজন যুৱকক আটক কৰে । ধৃত যুৱক দুজন বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বুলি জানিব পৰা গৈছে । ধৃত দুই ড্ৰাগছ ব্যৱসায়ী ক্ৰমে গণকপাৰাৰ আৰিফ আলী (১৯) আৰু মাদ্ৰাছা চকৰ জাকাৰিয়া আহমেদ (১৯) বুলি জানিব পৰা গৈছে ।
যুৱক দুজনৰ পৰা সন্দেহযুক্ত ব্ৰাউনচুগাৰ ভৰ্তি ১৬ টা প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে । যুৱক দুজনৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ডিব্ৰুগড় আৰক্ষীৰ তালাচীত জব্দ 6 লাখ টকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.