বৰপেটা,5 জুন: ৰাজ্যৰ প্ৰতিখন জিলাতে ধাৰাবাহিকভাৱে অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ ইয়াৰ মাজতে শুকুৰবাৰে সৰ্থেবাৰী আৰু মাজদিয়া আৰক্ষীৰ যৌথ অভিযানত আটক হ'ল এটা ড্ৰাগছ মাফিয়া ৷ ধৃত ড্ৰাগছ মাফিয়াটো সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হালধিবাৰী গাঁৱৰ প্ৰয়াত যোগেন্দ্ৰ ডেকাৰ পুত্ৰ দিগন্ত ডেকা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷
উল্লেখ্য যে,যোৱা 2 জুনত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু কফ চিৰাপসহ চতলাৰ পৰা গ্ৰেপ্তাৰ হোৱা আবুল কালাম আজাদৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে দিগন্ত ডেকাক ৷ আৰক্ষীৰ অভিযানত দিগন্ত ডেকাৰ পৰা উদ্ধাৰ হয় অবৈধভাৱে ৰখা 40 টা কফ চিৰাপৰ বটল ৷
সৰ্থেবাৰী আৰক্ষী থানাত ৰুজু হোৱা 221/2021 নম্বৰৰ গোচৰ আৰু এনডিপিএচ আইনৰ 21 (বি)ধাৰাৰ অধীনত দিগন্ত ডেকাক কৰায়ত্ত কৰি অধিক তথ্যৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আনহাতে ধৃত আবুল কালাম আজাদ সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে ৷
লগতে পঢ়কঃ বৰপেটাৰোডত তেল চোৰ গ্ৰেপ্তাৰ