বৰপেটা, ৩ জুন : সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । আৰক্ষীৰ লগতে এতিয়া অধিক সজাগ হৈছে জনসাধাৰণ । মাৰাত্মক নচাজাতীয় দ্ৰব্য নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈছে ৰাইজ । বুধবাৰে সন্ধিয়া বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত চতলাত এজন যুৱকে অবৈধ কফ চিৰাপ আৰু নিচাজাতীয় টেবলেট বিক্ৰী কৰি থকাৰ সময়তে স্থানীয় একাংশ যুৱকে হাতেলোটে ধৰি আৰক্ষীক খবৰ দিয়ে ।
ততালিকে ঘটনাস্থলীত উপস্থিত হয় মাজদিয়া আৰক্ষী । মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোক ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকা যুৱকজনক গতাই দিয়ে স্থানীয় ৰাইজে । আটক কৰা যুৱকজন চতলা গাঁৱৰ আবুল কালাম আজাদ বুলি জানিব পৰা গৈছে ৷ আনহাতে, আৰক্ষীয়ে যুৱকজনৰ পৰা ৭২০ টা নিচাজাতীয় টেবলেট আৰু ২০টা কফ চিৰাপৰ বটল জব্দ কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে, এই যুৱকজনে বহু বছৰ ধৰি চতলা অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে । আনকি যুৱকজনে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত পূৰ্বতে জে'ললৈও গৈছিল বুলি জানিব পৰা গৈছে ।
আনহাতে, অভিযুক্ত আবুল কালাম আজাদৰ বিৰুদ্ধে মাজদিয়া আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসে । সম্প্ৰতি অধিক তথ্যৰ বাবে যুৱকজনক সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : ধুবুৰীৰ ছিণ্ডিকেটৰ বিৰুদ্ধে তৎপৰ জিলা উপায়ুক্ত