ETV Bharat / state

চিকাৎসালয়তে মৃত্যু ড্ৰাগছ আসক্ত যুৱকৰ

বৰপেটাৰ পালহাজী অঞ্চল পৰিণত হৈছে ড্ৰাগছৰ ব্যৱসায়ৰ এক ঘাটিলৈ ৷ শেহতীয়াকৈ এজন ড্ৰাগছ আসক্ত যুৱকৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷

drugs_adicted_youth_death
চিকাৎসালয়তে মৃত্যু ড্ৰাগছ আসক্ত যুৱকৰ
author img

By

Published : May 15, 2021, 8:20 PM IST

বৰপেটা ১৫ মে: ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায়ৰ এক ঘাটিলৈ পৰিণত হৈছে বৰপেটাৰ পালহাজী ৷ শেহতীয়াকৈ এজন ড্ৰাগছ আসক্ত যুৱকৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷ উল্লেখ্য যে, আজিজুৰ আলী নামৰ ড্ৰাগছ আসক্ত যুৱকজনৰ বৰপেটা মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৷ মৃত আজিজুৰৰ ঘৰ পালহাজিৰ সুহা বিল দলনিত বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, যোৱা ২ মে’ত ড্ৰাগছ সেৱন কৰি এক মাৰপিটৰ ঘটনাত লিপ্ত হৈ অসুস্থ হৈ পৰিছিল যুৱকজন ৷ প্ৰায় দহ দিন পিছত অসুস্থ যুৱকজনক ভৰ্তি কৰা হৈছিল বৰপেটা মেডিকেল কলেজ হাস্পাতালত ৷ অৱশষেত, চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় যুৱকজনৰ ৷

যুৱকজনৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে মৃতদেহ ঘৰলৈ লৈ যায় যদিও পুনৰ ঘৰৰ পৰা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজৰ হাস্পাতালৈ লৈ আহে ৷

চিকাৎসালয়তে মৃত্যু ড্ৰাগছ আসক্ত যুৱকৰ

ইফালে, আজিজুৰৰ মৃত্যুকলৈ নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায়ৰ লগত জড়িত সকলৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ বৰ্তমানে, অঞ্চলটোত গঢ় লৈ উঠা ড্ৰাগছ ব্যৱসায়ীৰ ঘাটি উচ্ছেদৰ বাবে বৰপেটাৰ আৰক্ষীক দাবী জনাইছে ৰাইজে ৷

ইপিনে আজিজুৰৰ মৃত্যুৰ পিছতে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি পালহাজী অঞ্চলৰে খাইৰুল ইছলাম আৰু চাহেৱ খানৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত নিহত যুৱকজনৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে ৷

সম্প্ৰতি, পৰিয়ালৰ লোকে মৃত আজিজুৰ আলীক খাইৰুল ইছলাম নামৰ ড্ৰাগছ ব্যৱসায়ীজনে ঘৰৰ পৰা মাতি নি ড্ৰাগছ সেৱন কৰাই মাৰ-পিট কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক :“জীউৰ” চিকিৎসাৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ চৰাইদেউৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.