ETV Bharat / state

বৰপেটাৰ বহৰিত ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ - ব্ৰাউন চুগাৰ

গ্ৰেপ্তাৰ হোৱা যুৱকজন বহৰিৰ কলতলি গাঁৱৰ ওচমান আলি । ব্যৱসায়ীজনৰ পৰা উদ্ধাৰ কৰা হৈছে ব্ৰাউন চুগাৰ ভৰ্তি দুটা কন্টেইনাৰ ৷

বৰপেটাৰ বহৰিত ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

author img

By

Published : Jun 16, 2020, 5:15 PM IST

বৰপেটা, ১৬ জুনঃ বৰপেটাৰ বহৰিৰ কলতলি গাঁৱত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ ব্যৱসায়ীক । ধৃত ব্যৱসায়ী জনৰ পৰা উদ্ধাৰ কৰা হৈছে ব্ৰাউন চুগাৰ ভৰ্তি দুটা কন্টেইনাৰ ৷ নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা যুৱকজন বহৰিৰ কলতলি গাঁৱৰ ওচমান আলি বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

বৰপেটাৰ বহৰিত ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

ৰজব আলীৰ পুত্ৰ ওচমান আলিয়ে অঞ্চলটোত ব্ৰাউন চুগাৰৰ ব্যৱসায় চলাই অহাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। তাৰ পাচতেই অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছসহ যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । মঙলবাৰে ড্ৰাগছ ব্যৱসায়ী জনক বৰপেটা আদালতত হাজিৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷

ইয়াৰ পূৰ্বে, সংখ্যালঘু অধ্যুষিত কলতলি গাঁওখনৰ পৰা তিনিমাহৰ আগত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ আন দুজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।

সম্প্ৰতি বৰপেটাৰ সংখ্যালঘু অধ্যুষিত একাংশ গাঁও নিষিদ্ধ ড্ৰাগছৰ মুকলি ঘাটিত পৰিণত হৈছে ৷ ডিমাপুৰৰ পৰা ব্ৰাউন চুগাৰ সৰবৰাহ কৰি বৰপেটাৰ পৰা নামনি অসমত ড্ৰাগছৰ মুকলি বেহা চলাই আছে একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে ৷ ৰাইজে বৰপেটাত চলি থকা ড্ৰাগছৰ বেহা উৎখাতৰ বাবে আহ্বান জনাইছে প্ৰশাসনক ৷

লগতে চাওকঃ বিশুদ্ধ খোৱাপানী লাভৰ পৰা বঞ্চিত দিপ্তাবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.