ETV Bharat / state

কলগাছিয়াত বিশুদ্ধ খোৱাপানীৰ নাটনি

author img

By

Published : Nov 10, 2020, 12:14 PM IST

বৰপেটা জিলাৰ কলগাছিয়াৰ চৰাঞ্চল খাৰবাল্লীত অভাৱ বিশুদ্ধ খোৱাপানীৰ ৷ বেকী নদীৰ দূষিত পানী সেৱন কৰিয়ে জীৱন ধাৰণ জন সাধাৰণৰ ৷ অঞ্চলটোত নাই উপযুক্ত খোৱাপানীৰ ব্যৱস্থাৰ লগতে সা-সুবিধা ৷

Drinking water scarcity in kalgachia barpeta assam etv bharat news
বিশুদ্ধ খোৱাপানীৰ নাটনি

জনীয়া,10 নৱেম্বৰ: বৰপেটাৰ জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী, সুঁতিৰ পাথাৰ আদি চৰ অঞ্চলত এতিয়া অভাৱ বিশুদ্ধ খোৱাপানীৰ ৷ উক্ত অঞ্চলৰ ৰাইজে এটোপাল বিশুদ্ধ খোৱা পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উপায়বিহীন ৰাইজে বেকী নদীৰ দূষিত পানী সেৱন কৰিয়েই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ৷

বিশুদ্ধ খোৱাপানীৰ নাটনি

উল্লেখ্য যে, খাৰবাল্লী গাঁৱৰ অধিকাংশ লোকেই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে ৷ গাঁৱখনত দমকল নথকাৰ বাবে গাঁৱবাসীয়ে নৈখনৰ দূষিত পানী সেৱন কৰাৰ লগতে নিত্য-নৈমিত্তিক কাৰ্যত ব্যৱহাৰ কৰি আহিছে ৷ অঞ্চলসমূহৰ এনে সমস্যাৰ প্ৰতি জন প্ৰতিনিধিৰ কাণসাৰ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ এই পানী সেৱনৰ ফলত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে নানা ৰোগ হোৱাৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে ৷

লগতে চাওকঃ তিৱা ছাত্ৰ সন্থাৰ মধ্য অসম বন্ধত স্তব্ধ নগাওঁ জিলাৰ কঠীয়াতলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.