ETV Bharat / state

ড৹ লক্ষ্মীনন্দন বৰাৰ বিয়োগত শোক প্ৰকাশ ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাৰ

author img

By

Published : Jun 3, 2021, 10:37 PM IST

'পাতাল ভৈৰৱী'ৰ স্ৰষ্টা তথা প্ৰতিথযশা সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ দেহাৱসানত ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ ৷ প্ৰসিদ্ধ সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট লেখক-গৱেষক ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাই।

dr-madhurjyamandit-boruah-condoles-demise-of-dr-lakhinandan-bora
ড৹ লক্ষ্মীনন্দন বৰাৰ বিয়োগত শোক প্ৰকাশ ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাৰ

বৰপেটা ৩ জুন : কালৰূপী কৰ'ণাত আক্ৰান্ত হৈ ইহ সংসাৰৰ পৰা বিদায় ল'লে 'পাতাল ভৈৰৱী'ৰ স্ৰষ্টা তথা প্ৰতিথযশা সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাই । কৰ'ণাত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা বৰেণ্য কথাশিল্পী, বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাই বৃহস্পতিবাৰে দুপৰীয়া গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । ড৹ লক্ষ্মীনন্দন বৰাৰ দেহাৱসানত এতিয়া শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী ৷

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সৰস্বতী সন্মানেৰে সন্মানিত প্ৰসিদ্ধ সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট লেখক-গৱেষক ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাই । ডঃ বৰুৱাই শোক প্ৰকাশ কৰি কয় যে, "সৃষ্টিশীল সাহিত্যক ভাৰত-বন্দিত গৰিমা দান কৰা এটা যুগৰ আজি অৱসান ঘটিল ।"

ড৹ লক্ষ্মীনন্দন বৰাই নিজৰ কৃতিৰে ভাৰতীয় গৰিমাৰে অসম আৰু অসমীয়া সাহিত্যক উচ্চতা দান কৰিছিল বুলি উল্লেখ কৰি বিশিষ্ট গৱেষক-অধ্যাপক ড৹ বৰুৱাই কয় যে, 'তেখেত আছিল খুবেই সৰল নিৰহংকাৰী আৰু সৰ্বজনপ্ৰিয় ব্যক্তি ।'

অসম সাহিত্য সভাৰ সংকট নিৰাময়ৰ যুদ্ধখনত তেখেতক এগৰাকী অভিভাৱকৰূপে পোৱাৰ অভিজ্ঞতা বৰ্ণনা কৰি ড৹ বৰুৱাই কয় যে, "বহু বিষয়ত স্পষ্টবাদী, নিৰ্লোভ, মহান ব্যক্তিত্বৰে অসমৰ সমাজ জীৱন আৰু বৌদ্ধিক পৰিমণ্ডলত পিতামহৰ দৰে দীৰ্ঘকাল সক্ৰিয় হৈ থকা ড৹ লক্ষ্মীনন্দন বৰাৰ মৃত্যুৱে উদং কৰা ঠাই সতকাই পূৰণ নহ'ব ।"

লগতে পঢ়ক : ড৹ লক্ষ্মীনন্দন বৰাৰ বিয়োগত কুলধৰ শইকীয়াৰ শোক প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.