ETV Bharat / state

বৰপেটাত উন্মোচন "কলিতা জাতিৰ ইতিহাস" শীৰ্ষক গৱেষণামূলক গ্ৰন্থ - অসমত কলিতা জাতি

"কলিতা জাতিৰ ইতিহাস" গ্ৰন্থখন উন্মোচনৰ প্ৰাক মুহূৰ্তত বৰপেটাৰ নসত্ৰস্থিত আৱাসত সংবাদমেল সম্বোধন লেখক তথা গৱেষক ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাৰ ।

বৰপেটাত উন্মোচন কলিতা জাতিৰ ইতিহাস শীৰ্ষক গৱেষণামুলক গ্ৰন্থ
বৰপেটাত উন্মোচন "কলিতা জাতিৰ ইতিহাস" শীৰ্ষক গৱেষণামুলক গ্ৰন্থ
author img

By

Published : Sep 30, 2020, 8:20 PM IST

Updated : Jun 28, 2022, 11:12 AM IST

বৰপেটা, 30 ছেপ্টেম্বৰ : বিশিষ্ট লেখক-গৱেষক ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাৰ নতুন গৱেষণা গ্ৰন্থ 'কলিতা জাতিৰ ইতিহাস' উন্মোচন ৷ তথ্যসমৃদ্ধ গৱেষণামূলক গ্ৰন্থখনৰ উন্মোচনৰ প্ৰাক মুহূৰ্তত বৰুৱাই বৰপেটা জিলাৰ নসত্ৰস্থিত আৱাসত বুধবাৰে এক সংবাদমেল সম্বোধন কৰে ৷

সংবাদমেলত গ্ৰন্থখন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ড৹ বৰুৱাই । কলিতা জাতিৰ ইতিহাস প্ৰায় ছহেজাৰ বছৰৰ পুৰণি বুলি উল্লেখ কৰি ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাই ড৹ বাণীকান্ত কাকতিয়ে খ্ৰীষ্টিয় দ্বিতীয়ৰ পৰা পঞ্চম শতিকাত কলিতাৰ পূৰ্বজসকল প্ৰাচীন অসমলৈ অহা বুলি কৈ যোৱা মত আৰু ইংৰাজ-পণ্ডিতে দি যোৱা ধাৰণাক শুদ্ধ নহয় বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : ২০২১ৰ নিৰ্বাচনত হাজো সমষ্টিত টিকত নাপায় নেকি সুমন হৰিপ্ৰিয়াই ?

বৰুৱাই পুনৰ দাবী কৰি কয়- 'কলিতা জাতিৰ পূৰ্বজসকলৰ প্ৰথমটো দল ভূখণ্ডটোলৈ আহিছিল সগৰ ৰজাৰ দিনতে খ্ৰীষ্টপূৰ্ব ৪১২২ মানত ।'

বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাৰ মতে, দানৱ বংশীয় নৰক-ভগদত্ত, পুষ্যবৰ্মা-ভাস্কৰ বৰ্মাৰপৰা দুৰ্লভনাৰায়ণ-ইন্দ্ৰনাৰায়ণৰ অধীনত প্ৰায় ৪৫০০ বছৰ কলিতা ৰাজবংশই প্ৰাচীন অসমৰ ভূখণ্ডটো শাসন কৰিছিল । আল্পচ পৰ্বতৰ দাঁতিৰ দানিয়ুৱ নদী-উপত্যকা অঞ্চলৰপৰা প্ৰব্ৰজিত হৈ অহা কলিতাসকলৰ পূৰ্বজে সিন্ধু উপত্যকা গঢ়ি তোলাতো গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলিও ড৹ বৰুৱাই দাবী কৰে ।

উল্লেখ্য যে, লেখক-গৱেষক ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাই দীৰ্ঘদিনীয়া গৱেষণা আৰু অধ্যয়নৰে লিখি সম্পূৰ্ণ কৰিছে 'কলিতা জাতিৰ ইতিহাস' নামৰ গ্ৰন্থখন । ড৹ বৰুৱাৰ মতে, কলিতাসকল কোনো কালেই পৰ্বতীয়া লোক নাছিল । পাহাৰ-পৰ্বতৰ দাঁতিৰ নদী-পাৰৰ উপত্যকা অঞ্চলতহে বসতি কৰিছিল ৷

ড৹ বৰুৱাই জানিবলৈ দিয়া মতে, গুৱাহাটীৰ ৰেখা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা 'কলিতা জাতিৰ ইতিহাস' গ্ৰন্থখন অহা 2 অক্টোবৰত গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে উন্মোচিত হ'ব । সেইদিনা দিনৰ 11 বজাত অনুষ্ঠিত হ'বলগা উন্মোচনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বৰেণ্য সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞি ।

উন্মোচকৰূপে অনুষ্ঠানটোত উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰসিদ্ধ ঔপন্যাসিক-ইতিহাসবিদ ড৹ ধ্ৰুৱজ্যোতি বৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী সচিব, বিশিষ্ট চিন্তাবিদ-তাত্ত্বিক সমালোচক ড৹ দিলীপ বৰা । কৰ'ণা-কেন্দ্ৰিক পৰিৱেশ-পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়মেৰে উন্মোচনী অনুষ্ঠান অয়োজন কৰা বুলি ৰেখা প্ৰকাশনৰ স্বত্ত্বাধিকাৰী দেবেন কলিতাই জানিবলৈ দিছে । আঢ়ৈ বছৰৰ গৱেষণাৰ ফচল 272 পৃষ্ঠাৰ "কলিতা জাতিৰ ইতিহাস" গবেষণা গ্ৰন্থখন কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ নামত অৰ্পণ কৰা বুলি জানিবলৈ দিয়ে গ্ৰন্থকাৰ ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাই ৷

লগতে পঢ়ক : 2021ত কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিতঃ জুৰি শৰ্মা বৰদলৈ

Last Updated : Jun 28, 2022, 11:12 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.