ETV Bharat / state

বিদ্যালয়ৰ ভূমি বেদখলৰ বিৰুদ্ধে শিক্ষাৰ্থী, বিদ্যালয় কৰ্তৃপক্ষ, ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Aug 13, 2022, 2:07 PM IST

১৭৯০ নং চৰ দিগজানি প্ৰাথমিক বিদ্যালয়ৰ ভূমি বেদখল(Digjani Primary School land encroachment)। বেদখলকাৰীৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰী, বিদ্যালয় কৰ্তৃপক্ষ আৰু ৰাইজৰ প্ৰতিবাদ । অতি সোনকালে বেদখলকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী।

School land encroachment
ছাত্ৰ ছাত্ৰী, বিদ্যালয় কৰ্তৃপক্ষ আৰু ৰাইজৰ উত্তাল প্ৰতিবাদ

বৰপেটা,13 আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭৯০ নং চৰ দিগজানি প্ৰাথমিক বিদ্যালয়ৰ ভূমি বেদখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (School land encroachment)। বিদ্যালয়ৰ প্ৰধান শিক্ষক, পৰিচালনা সমিতিৰ সভাপতিৰ লগতে স্থানীয় ৰাইজে এই অভিযোগ উত্থাপন কৰিছে গাঁওখনৰ বাদশা মোল্লা, নজৰুল ইছলাম, আমিনুল ইছলাম, ছাইজুদ্দীন আৰু নুৰু মোল্লাৰ বিৰুদ্ধে । বিদ্যালয়ৰ মাটি ঘূৰাই দিয়াৰ দাবীত ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতি আৰু ৰাইজে সাব্যস্ত কৰে তীব্র প্ৰতিবাদ(Students, the school management committee and the people protested demanding the return of the school land.)।

জানিব পৰা মতে, দিগজানি গাঁওৰ জদিয়া খাতুন নামৰ এগৰাকী মহিলাই ১৯৭৮ চনত বিদ্যালয়ৰ নামত এক বিঘা দুই লেছা মাটি দান দিছিল আৰু তেতিয়াৰে পৰাই মাটিখিনি বিদ্যালয়ৰ নামতেই আছে । কিন্তু চৰ দিগজানি গাওঁৰ বাদশা মোল্লা নামৰ এগৰাকী ব্যক্তিয়ে গৰমৰ বন্ধৰ সুযোগ গ্ৰহণ কৰি ৩৭৬ নং দাগৰ বিদ্যালয়ৰ মাটি খিনি বেদখল কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে, বিদ্যালয়ৰ মাটিৰ দাগ নং ৩৭৬। কিন্তু বাদশা মোল্লা নামৰ বেদখলকাৰীয়ে কোৰ্টৰ পৰা ৩৭৫ নং দাগৰ মাটি চিভিল কৰি অনাৰ পিছত ৩৭৬ নং দাগৰ বিদ্যালয়ৰ মাটি অবৈধ ভাৱে বেদখল কৰিছে বুলি ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ।

কিন্তু অতি লক্ষণীয় বিষয় যে, কোনো চৌষদী নমতাকৈ উক্ত মাটিখিনি লাট মণ্ডল জেহেৰুল ইছলাম আৰু স্থানীয় গাওঁবুঢ়া লোকমানে মোটা অংকৰ ধনৰ বিনিময়ত বাদশা মোল্লাক চামজাই দিয়ে বুলি অভিযোগ উত্থাপন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক, পৰিচালনা সমিতিৰ সভাপতি আৰু ৰাইজে ।

ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষই বেদখলকাৰীৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক: লখিমপুৰৰ চেইন্ট মেৰীজ স্কুলৰ ভূমি বেদখলৰ অভিযোগ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.