ETV Bharat / state

গাঁও পঞ্চায়তৰ সভানেত্ৰীক আক্ৰমণৰ ঘটনাত জড়িত দোষীক শাস্তিৰ দাবী - কৰ্মবিৰতি

পাঠশালাৰ ডুমুৰীয়া গাঁও পঞ্চায়ত কাণ্ডত জড়িত ব্যক্তিৰ শাস্তিৰ দাবীত তিনিদিনীয়া কৰ্মবিৰতি পালন পঞ্চায়ত সচিবসকলৰ ৷ 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰিব নোৱাৰে তেন্তে 4 চেপ্তেম্বৰৰ দিনৰ 10 বজাৰ পৰা বিয়লি 3 বজালৈ দিনযোৰা কাৰ্যসূচীৰে জিলা পৰিষদৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব পঞ্চায়তৰ সচিবসকলে ৷

Demand for Punishment of Dumuria Gaon Panchayat President attack in Barpeta assam etv bharat news
ডুমুৰীয়া গাঁও পঞ্চায়ত
author img

By

Published : Sep 3, 2020, 6:33 PM IST

বৰপেটা,3 চেপ্তেম্বৰ: বজালীৰ পাঠশালাৰ ডুমুৰীয়া গাঁও পঞ্চায়তৰ সচিব আৰু সভানেত্ৰীক কৰা অমানৱীয় অত্যাচাৰৰ প্ৰতিবাদত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কৰ্মবিৰতি পালন কৰিছে পঞ্চায়ত সচিবসকলে ৷ ৰাজ্যৰ গাঁও পঞ্চায়তসমূহৰ সচিবৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে উক্ত কাণ্ডত জড়িত দোষীক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সচিবসকলে ৷ যদিহে 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰিব নোৱাৰে তেন্তে 4 চেপ্তেম্বৰৰ দিনৰ 10 বজাৰ পৰা বিয়লি 3 বজালৈ দিনযোৰা কাৰ্যসূচীৰে জিলা পৰিষদৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব পঞ্চায়তৰ সচিবসকলে ৷ তদুপৰি, সচিবসকলৰ নিৰাপত্তা সুনিশ্চিত নহ’লে 10 চেপ্তেম্বৰৰ পৰা অনিৰ্দিষ্টকাললৈ সৰ্বাত্মক কৰ্মবিৰতি পালনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি বৰপেটা জিলা গাঁও পঞ্চায়ত সচিব সন্থাই ঘোষণা কৰে ৷

পঞ্চায়তৰ সভানেত্ৰীক আক্ৰমণৰ ঘটনাত জড়িত দোষীক শাস্তিৰ দাবী

উল্লেখ্য যে,বিগত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ তালিকাক কেন্দ্ৰ কৰি ডুমুৰীয়া গাঁও পঞ্চায়তৰ একাংশ উন্মাদ লোকে পঞ্চায়তৰ সচিবৰ দায়িত্বত থকা মনোৰঞ্জন দাস আৰু সভানেত্ৰীগৰাকীক বৰ্বৰ আচৰণ প্ৰদৰ্শন কৰিছিল ৷ সভ্য সমাজক লজ্জানত কৰা এনে কাণ্ডক সদৌ অসম গাঁও পঞ্চায়ত সচিব সন্থাৰ বৰপেটা জিলা সমিতিয়ে তীব্ৰ গৰিহণা দিয়াৰ দোষীৰ শাস্তিৰ দাবী জনাইছে ৷ পিছে আৰক্ষীয়ে এইপৰ্যন্ত মাথো এগৰাকী ব্যক্তিকহে ঘটনা সন্দৰ্ভত কৰায়ত্ত কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে সমিতিয়ে ৷ ইতিমধ্যে সমিতিখনে বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে জিলা উপায়ুক্ত, ডি আৰ ডি এ-ৰ প্ৰকল্প সঞ্চালক আৰু জিলা খণ্ড উন্নয়ন বিষয়াসকলক ঘটনা সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ৷

লগতে চাওকঃ উত্তৰ গুৱাহাটীত জব্দ 10 লাখ টকা মূল্যৰ বিদেশী চিগাৰেট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.