ETV Bharat / state

কলগাছিয়াত দুই সন্তানৰ মাতৃৰ ৰহস্যজনক মৃত্যু - কলগাছিয়া

এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত কলগাছিয়া ৷ দুটা সন্তানৰ মাতৃ আম্বিয়া খাতুনক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে স্বামী পৰিয়ালৰ বিৰুদ্ধে ৷ এই কাণ্ডৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে বৰভিঠা আৰক্ষীয়ে ৷

Death of a women in jania assam etv bharat news
বোৱাৰীৰ ৰহস্যজনক মৃত্যু
author img

By

Published : Oct 31, 2020, 5:29 PM IST

জনীয়া,31 অক্টোবৰ: এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে বৰপেটা জিলাৰ কলগাছিয়া ৷ ঘটনাৰ বিৱৰণী অনুসৰি,কিছুদিন পূৰ্বে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিঠাত আম্বিয়া খাতুন নামৰ প্ৰায় 30 বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু ঘটে ৷ দুটাকৈ সন্তানৰ মাতৃ মহিলাগৰাকীক পৰিকল্পিতভাৱে স্বামীগৃহৰ লোকে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে পিতৃ পৰিয়ালে ৷ পাৰিবাৰিক কন্দলৰ ফলতে মহিলাগৰাকীক হত্যা কৰা বুলি দাবী কৰে আম্বিয়াৰ পিতৃ পৰিয়ালে ৷ আম্বিয়াক হত্যা কৰি স্বামী খাইৰুল ইছলামে ঘৰৰ ষ্টোৰ ৰূমত ফাঁচী লগাই সমগ্ৰ ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে ।

বোৱাৰীৰ ৰহস্যজনক মৃত্যু

উল্লেখ্য যে,সন্তেষপুৰ গাঁৱৰ আমিৰ হুছেইনৰ কন্যা আম্বিয়া খাতুনৰ বৰভিঠা গাঁৱৰ কবজ মণ্ডলৰ পুত্ৰ খাইৰুল ইছলামৰ সৈতে বিগত প্ৰায় ছয় বছৰ পূৰ্বে সামাজিক নীতি-নিয়মেৰে বিবাহপাশত আৱদ্ধ হৈছিল । বিয়াৰ পিছৰে পৰাই স্বামী পৰিয়ালৰ দ্বাৰা শাৰিৰীক-মানসিক অত্যাচাৰৰ বলি হৈছিল মহিলাগৰাকী ৷ এই অভিযোগ উত্থাপন কৰিছে মৃত মহিলাগৰাকীৰ আত্মীয়সকলে ৷ অৱশেষত শুকুৰবাৰে ফাঁচী লোৱা অৱস্থাত শোৱনী কোঠাৰ নিচেই কাষতে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ মৃতদেহটো প্ৰত্যক্ষ কৰি স্বামীয়ে আৰক্ষী অবিহনে নমাই আনি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে আম্বিয়াক ৷ এই কাণ্ডত জড়িতৰ সন্দেহত আম্বিয়াৰ স্বামীক ইতিমধ্যে কৰায়ত্ত কৰিছে বৰভিঠা আৰক্ষীয়ে ৷ লগতে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশৰ পিছতহে প্ৰকৃত সত্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

লগতে চাওকঃ বৰপেটাত কংগ্ৰেছৰ উদ্যোগত কিষাণ অধিকাৰ দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.