বৰপেটা, 27 ডিচেম্বৰ : অসমৰ শংকৰোত্তৰ কালৰ কবিসকলৰ ভিতৰত অন্যতম আছিল শ্ৰীশ্ৰীবৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য ৷ এইগৰাকী কবিক জনপ্ৰিয় আছিল ভট্টদেৱ নামেৰে ৷ ভট্টদেৱে সমসাময়িক সাহিত্যৰ প্ৰচলিত মাধ্যম পৰিহাৰ কৰি নতুন মাধ্যম এটা গ্ৰহণ কৰিবলৈ আগবঢ়াত যথেষ্ট সাহসৰ পৰিচয় দিছিল । সেয়ে ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক আখ্যা দিয়া হয় ।
সেই সময়ৰ সাধাৰণ লোকে ভট্টদেৱক ব্যাসৰ অৱতাৰ বুলি জ্ঞান কৰিছিল । সেয়ে মহাপুৰুষজনাক স্মৰণ কৰি প্ৰতি বছৰে বৰপেটাৰ ব্যাসকুছি (Byaskuchi Satra) সত্ৰত পালন কৰা হয় ভট্টদেৱৰ তিৰোভাৱ তিথি (Bhattadev death anniversary observed at Byaskuchi Satra) ৷
এইবাৰ সাতদিনীয়া কাৰ্যসূচীৰে ভাৰতবৰ্ষৰ গদ্য সাহিত্যৰ জনক মহাপুৰুষ শ্ৰীশ্ৰী বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য চমুকৈ ভট্টদেবৰ ৩৮৪ সংখ্যক তিৰোভাৱ তিথি অনুষ্ঠিত কৰা হৈছে । ভট্টদেৱ (Bhattadev) ৰ তিৰোভাৱ তিথি (Death Anniversary) উপলক্ষে আয়োজন কৰা হয় নাম-কীৰ্তনৰ ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল (Covid Protocol) মানি সীমিত পৰিসৰত পালন কৰা ভট্টদেবৰ তিৰোভাৱ তিথিত ভকত-বৈষ্ণৱে সত্ৰত সেৱা লয় ৷
![বৰপেটাত ভট্টদেবৰ ৩৮৪ সংখ্যক তিৰোভাৱ তিথি পালন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-15to19-26dec-bhattadev-tirovab-tithi-at-biyaskuchi-visbitephoto-as10038_26122021161440_2612f_1640515480_1033.jpg)
মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি উপলক্ষে দেওবাৰৰ পৰা অনুষ্ঠিত কৰা হৈছে ব্যাসকুছিৰ সভা মহোৎসৱ । এই মহোৎসৱৰ কাৰ্যসূচী অনুসৰি, প্ৰভাত ফেৰীৰ পিছত ভাগৱত শোভাযাত্ৰা আৰু ৰাজহুৱা নাম প্ৰসংগ অনুষ্ঠিত হয় । গায়ন-বায়ন আৰু কীৰ্তনেৰে অতি উলহ-মালহেৰে পালন কৰা হৈছে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি ৷
লগতে পঢ়ক :৫৭৩ গছি বন্তি জ্বলাই ঢেকীয়াখোৱা বৰনামঘৰত গুৰুজনাৰ জন্মোৎসৱ পালন