ETV Bharat / state

ভেলেঙী নৈত উদ্ধাৰ নিৰুদ্দিষ্ট হিমজ্যোতি দাসৰ মৃতদেহ

author img

By

Published : May 8, 2022, 7:20 PM IST

অৱশেষত উদ্ধাৰ হ’ল নিৰুদ্দিষ্ট হিমজ্যোতি দাসৰ মৃতদেহ (Deadbody recovered at Jania)৷ 6 মে'ৰ পৰাই সন্ধানহীন হৈ আছিল ছাত্ৰ হিমজ্যোতি ৷ বহু অনুসন্ধানৰ অন্তত জনীয়াৰ লুৰফুৰীয়া ভেলেঙী নৈত উদ্ধাৰ এম চি কলেজৰ নিৰুদ্দিষ্ট হিমজ্যোতি দাসৰ মৃতদেহ ৷

জনীয়াৰ লুৰফুৰীয়া ভেলেঙী নৈত উদ্ধাৰ নিৰুদ্দিষ্ট হিমজ্যোতি দাসৰ মৃতদেহ

জনীয়া, 8 মে’ : দেওবাৰে জনীয়াৰ লুৰফুৰীয়া ভেলেঙী নৈত উদ্ধাৰ হৈছে এজন ছাত্ৰৰ মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পাটবাউসীৰ বাণীকান্ত দাসৰ পুত্ৰ তথা বৰপেটা এম চি কলেজৰ ছাত্ৰ হিমজ্যোতি দাসৰ বুলি চিনাক্ত কৰা হৈছে (Deadbody recovered at Jania) ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

তথ্য অনুসৰি, বিগত 6 মে'ৰ বিয়লি প্ৰায় 5 বজাত ছাইকেল লৈ ঘৰৰ পৰা ওলাই আহিছিল হিমজ্যোতি দাসে আৰু তাৰ পাচৰে পৰাই সন্ধানহীন হৈ আছিল যুৱকজন ৷ যুৱকজন সন্ধানহীন হোৱা পিছৰ দিনা অৰ্থাৎ শনিবাৰে দুপৰীয়াৰ যুৱকজনৰ চাইকেলখন মন্দিয়াৰ ভেলেঙী দলঙৰ ওপৰত উদ্ধাৰ হয় ৷

ষত উদ্ধাৰ হ’ল নিৰুদ্দিষ্ট হিমজ্যোতি দাসৰ মৃতদেহ

চাইকেলখন উদ্ধাৰ হোৱাৰ পাচতে এছ ডি আৰ এফ বাহিনী আৰু বাঘবৰ ৰাজহ চক্ৰৰ এটা অভিযানকাৰী দলৰ যৌথ উদ্যোগত ভেলেঙী নৈত চলাই এক উদ্ধাৰ অভিযান । কিন্তু তাতো ব্যৰ্থ হয় অভিযানকাৰী দলটো ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ দেওবাৰে পুনৰ সেই স্থানতে এছ ডি আৰ এফ বাহিনী আৰু বাঘবৰ ৰাজহ চক্ৰৰ অনুসন্ধানকাৰী দলটোৱে চলাই অভিযান ৷

এই অভিযানতে অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় নিৰুদ্দিষ্ট হিমজ্যোতি দাসৰ মৃতদেহ ৷ স্থানীয় ৰাইজৰ তথা পৰিয়ালৰ সন্দেহ প্ৰেমজনিত কাৰণতে এই ঘটনা সংঘটিত হৈছে ৷

লগতে পঢ়ক : বৰপেটাৰ জনীয়াত যুৱকৰ মৃতদেহ উদ্ধাৰ: চাবুৱাত দুটিকৈ শিশুৰ সলিল সমাধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.