ETV Bharat / state

মুগুৰীয়াত ৰহস্যজনক অৱস্থাত উদ্ধাৰ গাড়ীচালকৰ মৃতদেহ

author img

By

Published : Sep 3, 2019, 8:15 PM IST

মঙলবাৰে দিনৰ ভাগত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় পাঠশালাৰ নিকটৱৰ্তী কাৱৈমাৰী নিজ শালদহৰ গোলাপ কলিতা নামৰ যুৱকজনৰ মৃতদেহ ৷ পাঠশালা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এগৰাকী গাড়ীচালক হিচাপে কৰ্মৰত আছিল গোলাপ কলিতা ৷

মুগুৰীয়াত ৰহস্যজনক অৱস্থাত উদ্ধাৰ গাড়ীচালকৰ মৃতদেহ

পাঠশালা, 3 ছেপ্তেম্বৰঃ পাঠশালাৰ সমীপৱৰ্তী মুগুৰীয়াত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এগৰাকী যুৱকৰ মৃতদেহ ৷ মৃতদেহটো বজালী মহকুমাৰ কাৱৈমাৰী নিজ শালদহ সৰবৰহী যুৱক গোলাপ কলিতাৰ বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে ৷

পাঠশালা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এগৰাকী গাড়ীচালক হিচাপে কৰ্মৰত গোলাপ কলিতাৰ মৃত্যুক ৰহস্যজনক আখ্যা দিছে পৰিয়ালৰ লোকে ৷ যথেষ্ট সৰবৰহী যুৱকজনে মুগুৰীয়াত নিজ মোমায়েকৰ ঘৰৰ নিৰ্মাণকাৰ্যৰ নিৰীক্ষণৰ বাবে দীৰ্ঘদিন ধৰি মুগুৰীয়াতে আছিল ৷ কিন্তু কোনোদিনে কাৰো সৈতে কোনোধৰণৰ বিক্ষিপ্ত ঘটনা নাইবা কাজিয়া পেচালত লিপ্ত হোৱা নাছিল যুৱকজনে ৷ সৰুতেই মাকক হেৰুওৱা যুৱকজনে এইদৰে আত্মহত্যা কৰিব নোৱাৰে বুলি দাবী কৰে নিজৰ খুড়ীয়েকে ৷ খুড়ীয়েকে প্ৰকাশ কৰা অনুসৰি গোলাপ যথেষ্ট অমায়িক আৰু ভদ্ৰ ল'ৰা আছিল আৰু এনেদৰে আত্মহত্যা কৰিব লগা যুৱক নহয় ৷ আনহাতে গোলাপৰ মৃতদেহলৈ লক্ষ্য কৰিলেও এই কথা স্পষ্ট হৈ পৰে যে, এয়া কোনো আত্মহত্যাৰ ঘটনা হ'ব নোৱাৰে ৷ কিয়নো যুৱকজনৰ মৃতদেহটোৰ অধিকাংশ অংশই মাটিত লাগি আছিল আৰু ওচৰে পাজৰে কোনো ভৰিৰ চিন নাছিল আৰু এয়া এক আত্মহত্যাৰ ঘটনা হ'ব নোৱাৰে বুলি কয় খুড়ীয়েকে ৷ সেয়েহে শীঘ্ৰেই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কাৰায়ত্ব কৰিব লাগে বুলি দাবী উত্থাপন কৰে পৰিয়ালৰ লোকে ৷

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷ সৰবৰহী যুৱকজনৰ মৃত্যুত সমগ্ৰ মুগুৰীয়া অঞ্চলতে শোকৰ ছাঁ পৰিছে ৷

Intro:Pathsala suicide

পাঠশালা ত যুবকৰ ৰহস্য জনক মৃত্যু llBody:Pathsala suicide

পাঠশালা, ৩ ছেপ্টেম্বৰ: পাঠশালাৰ সমীপৰ মুগুৰীয়াত অঘটন।।

# চিপ লৈ থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ।

#মৃত যুৱক জন পাঠশালা শংকৰদেৱৰ শিশু নিকেতনৰ ড্ৰাইভাৰ গোলাপ কলিতা।

# গোলাপ কলিতাৰ ঘৰ বজালীৰ কাৱৈমাৰী নিজ শালদহত।

অবশ্যে এই মৃত্যুক ৰহস্য জনক আখ্যা দিছে পৰিয়ালেl

ইতিমধ্যে যুবকৰ মৃত দেহটো পাঠশালা আৰক্ষী এ চমজি লৈ মৰোণোত্তৰ পৰীক্ষা ৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰিছে llConclusion:বাইট- পৰিয়ালৰ লোক
ভিডিঅ'-২
ফটো-১

ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.