ETV Bharat / state

কেনেদৰে শিক্ষা গ্ৰহণ কৰিছে চৰ চাপৰিৰ ছাত্ৰ ছাত্ৰীয়ে ?

author img

By

Published : Sep 18, 2019, 12:05 PM IST

কেনেদৰে শিক্ষাগ্ৰহণ কৰিছে চৰ চাপৰিৰ ছাত্ৰ-ছাত্ৰীয়ে ? শিক্ষকৰ অভাৱত দৈনিক জলপথেৰে বিপদসংকুলভাৱে বিদ্যালয়লৈ যাত্ৰা ছাত্ৰ ছাত্ৰীৰ ৷

কেনেদৰে শিক্ষা গ্ৰহণ কৰিছে চৰ চাপৰিৰ ছাত্ৰ ছাত্ৰীয়ে ?

বৰপেটা,18 চেপ্তেম্বৰঃ জলপথেৰে চৰ চাপৰিৰ ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়লৈ বিপদ সংকুল যাত্ৰা ৷ শিক্ষকৰ অভাৱত দৈনিক বহু কিলোমিটাৰ অতিক্ৰম কৰি বিদ্যালয়ত শিক্ষাগ্ৰহণ ছাত্ৰ ছাত্ৰীৰ ৷ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত সোণাবাৰী,জাউৰীমাৰী,বালিকুৰি গাঁও,বালিকুৰি পাথাৰ,ৰামাপাৰাকে ধৰি বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে নাৱেৰে বিপদ সংকুলভাৱে যাত্ৰা কৰি বিদ্যালয়লৈ যাব লগা হয় ৷ কাৰণ বাঘবৰৰ দেউলদীত উত্তৰ-পশ্চিম দেউলদি মজলীয়া বিদ্যালয় নামেৰে এখন বিদ্যালয় আছে যদিও বিদ্যালয়খনত নাই এজনো শিক্ষক ৷

কেনেদৰে শিক্ষা গ্ৰহণ কৰিছে চৰ চাপৰিৰ ছাত্ৰ ছাত্ৰীয়ে ?

আনহাতে দৈনিক নদী অতিক্ৰম কৰিব লগা হোৱা চৰাঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে ইচ্ছা কৰিলেও সময়মতে উপস্থিত হ'ব নোৱাৰে বিদ্যালয়ত যাৰ বাবে প্ৰত্যেক দিনেই এটা বা দুটা বিষয়ৰ পাঠদানৰ পৰা বঞ্চিত হ'ব লগা হয় ছাত্ৰ-ছাত্ৰী সকল ৷ উল্লেখযোগ্য যে,মুখেৰে শিক্ষা খণ্ডৰ ব্যাপক উন্নয়নৰ কথা ক'লেও চৰাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ এনে অৱস্থাই শিক্ষা খণ্ডৰ বাস্তৱ ছবি দাঙি ধৰিছে ৷ এতিয়া শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি থকা চৰ চাপৰিৰ এইসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষা আৰু যাতায়তৰ ক্ষেত্ৰত বিশেষ সুবিধা কৰি দিয়াৰ বাবে শিক্ষামন্ত্ৰীক দাবী উত্থাপন কৰিছে ৷

Intro:slug: as_jania_18sep_dangerous_journey_for_education_vis3+byt4+pho2_spl_pkg_story_asc10058

Anchor: কেনেদৰে শিক্ষাগ্ৰহন কৰি আছে চৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে? চৰাঞ্চলৰ বিদ্যালয়ত শিক্ষক নথকাৰ বাবেই যন্ত্ৰচালিত নাওৰে ছাত্ৰ-ছাত্ৰীৰ বিপদ সংকুল যাত্ৰা। ৪ কি: মি: নদী অতিক্ৰম কৰি শিক্ষাগ্ৰহন কৰিব লগা হয় চৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে। শিক্ষা বিভাগৰ এই নিকৃষ্ট ছবি বৰপেটা জিলাৰ বাঘবৰৰ চৰাঞ্চলৰ। চাওক এই সন্দৰ্ভত আমাৰ এক ৰিপোৰ্ট -Body:slug: as_jania_18sep_dangerous_journey_for_education_vis3+byt4+pho2_spl_pkg_story_asc10058

Anchor: কেনেদৰে শিক্ষাগ্ৰহন কৰি আছে চৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে? চৰাঞ্চলৰ বিদ্যালয়ত শিক্ষক নথকাৰ বাবেই যন্ত্ৰচালিত নাওৰে ছাত্ৰ-ছাত্ৰীৰ বিপদ সংকুল যাত্ৰা। ৪ কি: মি: নদী অতিক্ৰম কৰি শিক্ষাগ্ৰহন কৰিব লগা হয় চৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে। শিক্ষা বিভাগৰ এই নিকৃষ্ট ছবি বৰপেটা জিলাৰ বাঘবৰৰ চৰাঞ্চলৰ। চাওক এই সন্দৰ্ভত আমাৰ এক ৰিপোৰ্ট -

VO-1: এটেনশ্যন শিক্ষামন্ত্ৰী! চৰাঞ্চলত কেনেদৰে চলিছে আপোনাৰ বিদ্যালয়? আপোনাৰ অধীনত থকা চৰাঞ্চলৰ বিদ্যালয় সমূহত শিক্ষক আছেনে? আপুনি যদি অৱগত নহয়, আমি আপোনাক জনাই আছো, আপোনাৰ বিভাগৰ পয়ালগা ছবি। এয়া বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ চৰাঞ্চলৰ দৃশ্য। এখন যন্ত্ৰচালিত নাওঁৰ তলে-ওপৰে, ভিতৰে-বাহিৰে সকলোতে কেৱল ছাত্ৰ-ছাত্ৰী। গাৰ নোম শিয়ঁৰি উঠা এক দৃশ্য। বাঘবৰৰ দেউলদীত উত্তৰ-পশ্চিম দেউলদি মজলীয়া বিদ্যালয় নামৰ এখন বিদ্যালয় আছে যদিও বিদ্যালয়খনত নাই এজনো শিক্ষক। যাৰ বাবে বিদ্যালয় থকাৰ পিছতো শিক্ষক নথকাৰ বাবে যন্ত্ৰচালিত নাওৰে বিপদ সংকুল যাত্ৰা কৰি প্ৰায় ৩০০-৪০০ ছাত্ৰ-ছাত্ৰীয়ে দৈনিক ৪ কি: মি: নদী অতিক্ৰম কৰি বিদ্যালয়ত উপস্থিত হব লগা হয় পাঠদানৰ বাবে।

Byte: ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু ৰাইজৰ মন্তব্য।

VO-2: বাঘবৰৰ সোনাবাৰী, জাউৰীমাৰী, বালিকুৰি গাঁও, বালিকুৰি পাথাৰ, ৰামাপাৰা আদি গাঁওৰ ছাত্ৰ-ছাত্ৰীৰ ৰাতিপুৱা ১০ বজাৰ এই যাত্ৰা শিক্ষা গ্ৰহণৰ। গাঁও কেইখনত বিদ্যালয় থকাৰ পিছতো শিক্ষক নথকাৰ বাবেই যন্ত্ৰচালিত নাওৰে বিপদ সংকুল যাত্ৰা বিদ্যালয়লৈ। প্ৰায় ৩০০-৪০০ ছাত্ৰ-ছাত্ৰীয়ে দৈনিক এইদৰে নদী অতিক্ৰম কৰি বিদ্যালয়ত উপস্থিত হব লগা হয়। চৰাঞ্চলৰ এই ছাত্ৰ-ছাত্ৰী সকল কোনোদিনেই সময়মতে উপস্থিত হব নোৱাৰে বিদ্যালয়ত। যাৰ বাবে প্ৰত্যেকদিনাই এটা বা দুটা ক্লাছৰ পাঠদানৰ পৰা বঞ্চিত হব লগা হয় ছাত্ৰ-ছাত্ৰী। ইচ্ছা কৰিলেও সময়মতে উপস্থিত হব নোৱাৰে ছাত্ৰ-ছাত্ৰীয়ে। যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে শিক্ষা আৰু যাতায়তৰ ক্ষেত্ৰত বিশেষ সুবিধা কৰি দিয়াৰ বাবে শিক্ষামন্ত্ৰীৰ ওচৰত দাবী জনায় ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক ৰাইজে।

(Special Package Story)Conclusion:slug: as_jania_18sep_dangerous_journey_for_education_vis3+byt4+pho2_spl_pkg_story_asc10058

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

(Special Package Story)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.