ETV Bharat / state

বৰপেটাৰ জনীয়া আৰু বাঘবৰত অপৰিৱৰ্তিত বান পৰিস্থিতি

author img

By

Published : Jul 18, 2020, 2:19 PM IST

বৰপেটাৰ জনীয়া আৰু বাঘবৰত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ নদীৰ পানী কমিলেও এতিয়াও ঘৰৰ চালিলৈকে পানী ৷ ইয়াৰোপৰি বান শিবিৰত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকটৰ ৷ বানপানীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ ব্যৰ্থ বুলি মন্তব্য বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ ৷

Dangerous flood at Jania and Baghbar Barpeta
বৰপেটাৰ জনীয়া আৰু বাঘবৰত অপৰিৱৰ্তিত বান পৰিস্থিতি

বৰপেটা, 18 জুলাই : সমগ্ৰ ৰাজ্যজুৰি এতিয়া বানৰ বিভীষিকা ৷ ব্ৰহ্মপুত্ৰ আৰু বেকী নৈৰ পানী কিছু পৰিমাণে কমিছে যদিও বৰপেটা জিলাৰ জনীয়া আৰু বাঘবৰ সমষ্টিৰ সহস্ৰাধিক লোক এতিয়াও জলবন্দী হৈ আছে ৷ ঘৰৰ চালিলৈকে পানী উপচি পৰাত বিভিন্ন ঠাইত আৱদ্ধ হৈ পৰিছে বহু পৰিয়ালৰ সৈতে পশুধন ৷

যদিও বন্যাৰ্তই ওখ ঠাই তথা ওখ ভেটিত শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে ৷ কিন্তু শিবিৰে শিবিৰে আশ্ৰয় গ্ৰহণ কৰা বন্যাৰ্তৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকটে ৷ শৌচাগাৰ, বিশুদ্ধ খোৱাপানী, স্বাস্থ্য সেৱা আদি নথকাত বানাক্ৰান্তসকলৰ দেহত বেমাৰ-আজাৰ হোৱা পৰিলক্ষিত হৈছে ৷

ইফালে, বান পৰিস্থিতি সন্দৰ্ভত জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে অভিযোগ উত্থাপন কৰি কয় যে, অসম চৰকাৰে বান সমস্যা সমাধানত ব্যৰ্থ হৈছে ৷ ইয়াৰ লগতে, বান পানীত আৱদ্ধ হৈ থকা বন্যাৰ্তক উদ্ধাৰ কৰাৰ ক্ষেত্ৰতো চৰকাৰ ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ এই ক্ষেত্ৰত বিধায়কগৰাকীয়ে অতি শীঘ্ৰেই শিবিৰসমূহত পৰ্যাপ্ত খাদ্য, বিশুদ্ধ খোৱাপানী, স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায় ৷

লগতে পঢ়ক : খাদ্য সামগ্ৰী কঢ়িওৱা সহস্ৰাধিক ট্ৰাক চালকৰ খাদ্য সংকট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.