জনীয়া,15 জানুৱাৰীঃ কলগাছিয়া ইউথ এছোচিয়েশ্যনৰ উদ্যোগত সদৌ অসম ভিত্তিত নৃত্য প্ৰতিযোগীতাৰ আয়োজন । বৃহস্পতিবাৰে নৃত্য প্ৰতিযোগীতা খনৰ শুভ উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শহিদুল ইছলাম আৰু অসম উচ্চ শিক্ষাৰ প্ৰাক্তন সঞ্চালক দেলোৱাৰ হুছেইনে । ডেন্স কলগাছিয়া ডেন্সৰ বিচাৰক মণ্ডলী হিচাপে উপস্থিত থাকে অসমীয়া বোলছবি জগতৰ নায়িকা জেনী আহমেদ আৰু গুৱাহাটীৰ নৃত্য পৰিচালক মিষ্টাৰ পিজু ।
উল্লেখযোগ্য যে, প্ৰতিযোগিতাখনত ৪০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি প্ৰতিযোগীতাখনত অংশগ্ৰহণ কৰিছে প্ৰতিযোগী সকলে । ইয়াৰ পূৰ্বেও কলগাছিয়াত ডেন্স কলগাছিয়া ডেন্স প্ৰতিযোগীতাখন চাৰিবাৰকৈ উত্তৰ-পূব ভাৰতৰ ভিত্তিত অনুষ্ঠিত কৰা হৈছে বুলি পৰিচালনা কমিটিৰ সভাপতি জাদ্দিকুৰ ৰহমান ৰাজাই জানিব দিয়ে।
লগতে পঢ়কঃ 23 জানুৱাৰীত প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণ : প্ৰসংগ খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদান