ETV Bharat / state

ডি ভোটাৰঃ বৰপেটাত ৰাইজৰ প্ৰতিবাদী সমদল - নুৰুল আমিন

বৰপেটাত একেজন ব্যক্তিৰ বিষয়ে দুই ন্যায়াধিকৰণৰ পৃথক মতামত । বিদেশী চিনাক্তকৰণৰ নামত হাৰাশাস্তি ভোগাইছে ৰাইজক । ডি ভোটাৰ নুৰুল আমিনক বৰপেটাৰ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰে যদিও আন এক বিদেশী ন্যায়াধিকৰণে ভাৰতীয় বুলি ঘোষণা কৰিছে । এই বিসংগতিৰ বিষয়ে অৱগত হোৱাৰ পিছতে ক্ষুদ্ধ হৈ পৰে ৰাইজ । আজি কাউৰঝাহীৰ পৰা কলগাছিয়ালৈ প্ৰতিবাদী সমদল উলিয়ায় স্থানীয় লোকসকলে ।

ডি ভোটাৰঃ বৰপেটাত ৰাইজৰ প্ৰতিবাদী সমদল
ডি ভোটাৰঃ বৰপেটাত ৰাইজৰ প্ৰতিবাদী সমদল
author img

By

Published : Dec 24, 2020, 7:08 PM IST

জনীয়া, ২৪ ডিচেম্বৰ: বৰপেটাত বিদেশী ন্যায়াধিকৰণৰ কামে বিমোৰত পেলাইছে ৰাইজক । বিদেশী চিনাক্ত কৰি উলিওৱাৰ নামত সৃষ্টি হোৱা খেলিমেলিৰ অন্ত পেলোৱাৰ দাবী জনাই বৃহস্পতিবাৰে প্ৰতিবাদত নামিল কলগাছিয়াৰ ৰাইজ । ঘটনাৰ বিৱৰণী অনুসৰি, কলগাছিয়াৰ চেনিমাৰীৰ গাঁৱৰ নুৰুল আমিনক বৰপেটাৰ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰে যদিও আন এক ন্যায়াধিকৰণে ভাৰতীয় বুলি ঘোষণা কৰিছে ।

ইয়াকে লৈ বিমোৰত পৰিছে নুৰুল আমিন । আনহাতে, বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত সংঘটিত হোৱা অনিয়মৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৰাইজে কাউৰঝাহীৰ পৰা কলগাছিয়ালৈ প্ৰতিবাদী সমদল উলিয়ায় । লগতে কলগাছিয়া ডাকঘৰৰ পৰা মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদী সমদলৰ নেতৃত্ব দিয়া তথা 'ডি' ভোটাৰ মঞ্চৰ নেতা ফাৰুখ খানে সাংবাদিকৰ আগত কয় যে, বিদেশী ন্যায়াধিকৰণে 'ডি' ভোটাৰ এজনক ৰাষ্ট্ৰহীন কৰিছে ।

কাৰণ ন্যায়াধিকৰণৰ ৰায়ত 'ডি' ভোটাৰক পৰ্যাপ্ত নথি-পত্ৰ থকাৰ পাছতো বিদেশী বুলি ঘোষণা কৰি আহিছে । চৰকাৰৰ পৃষ্ঠপোষকতাত ন্যায়াধিকৰণে অন্যায়ভাৱে বৈধ ভাৰতীয় নাগৰিকক 'ডি' ভোটাৰ সজাই বিদেশী হিচাপে চিনাক্ত কৰি আহিছে । প্ৰতিবাদকাৰীসকলে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক:জিতেন্দ্ৰ সিঙৰ প্ৰতিবেদনে পাখি কাটিব নেকি ৰিপুন বৰাৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.