ETV Bharat / state

কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত ডি ভোটাৰৰ ক্ষোভ

বুধবাৰে কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত উপস্থিত ডি ভোটাৰসকল ৷ ভাৰতীয় নাগৰিকৰ নামত কোনে "ডি" জাপি দিলে তাৰ কাৰণ বিচাৰি ডি ভোটাৰসকল উপস্থিত হয় কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত ৷

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 3:51 PM IST

d voter issue in Kalgachia
কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত উপস্থিত ডি ভোটাৰসকল

জনিয়া, 6 ডিচেম্বৰ : ৰাজ্যৰ ডি ভোটাৰ সমস্যাৰ সমাধান কেতিয়া হ’ব ! একাংশ স্বদেশী লোকক ডি ভোটাৰ সজাই কিমান অত্যাচাৰ চলাব ৰাজ্য চৰকাৰে ! এই প্ৰশ্ন উত্থাপন কৰিছে কলগাছিয়াৰ ডি ভোটাৰসকলে ৷ উল্লেখ্য যে, আৰ টি আইৰ তথ্যত ভুৱা ডি ভোটাৰ বুলি প্ৰমাণিত হোৱাৰ পাচতো একাংশ লোকৰ নামৰ পৰা আঁতৰ নহ’ল ডি চিহ্ন ৷ যাৰ বাবে চৰকাৰী সা-সুবিধাৰ লগতে ৰেচনকাৰ্ড, মাটিৰ নামজাৰি, পাৰপত্ৰ, পি আৰ চিৰ পৰা বঞ্চিত হৈছে ডি ভোটাৰ পৰিয়ালৰ ৷

সেয়ে কি কাৰণত ভাৰতীয় নাগৰিকৰ নামত ডি বহুওৱা হ'ল আৰু কোনে ডি জাপিলে তাৰ প্ৰকৃত কাৰণ বিচাৰি বুধবাৰে কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত উপস্থিত হয় ডি ভোটাৰসকল ৷ সম্প্ৰতি ডি ভোটাৰসকলৰ ন্যায়ৰ বাবে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ডি ভোটাৰ মঞ্চৰ ফালৰ পৰা গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিছে ডি ভোটাৰ মঞ্চৰ সম্পাদক ফাৰুক খানে ৷ শীঘ্ৰে ভুক্তভোগীসকলৰ নামৰ পৰা ডি মোচন কৰি নাগৰিকৰ অধিকাৰ প্ৰদান কৰিবলৈ চৰকাৰ আৰু বিদেশী ন্যায়াধিকৰণৰ ওচৰতো আহ্বান জনাইছে ডি ভোটাৰসকলে ৷

উল্লেখ্য যে, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ভেড়া গাঁৱৰ বাসিন্দা তাহমিনা খাতুন, ফুলচান আলী আৰু ৰেজিয়া বেগমৰ নামৰ আগত 1997 চনৰ পৰা ভিত্তিহীন ভাবে ডি জাপি দিয়াৰ ফলত বিগত 26 বছৰ ধৰি বঞ্চিত হৈ আছে ভোটাধিকাৰৰ পৰা ৷ 2019 চনত কলগাছিয়া ৰাজহ চক্ৰৰ পৰা আৰ টি আই যোগে লাভ কৰা তথ্যৰ ভিত্তিত আদালতত দ্বাৰস্থ হোৱাৰ পাচতো উক্ত ভাৰতীয় নাগৰিকক ডি জাপি মিছাতে হাৰাশাস্তি কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে ডি ভোটাৰ মঞ্চৰ সম্পাদক খানে ৷

লগতে পঢ়ক : কোনো তথ্য নোহোৱাকৈ সাধাৰণ ৰাইজক ডি ভোটাৰ সজোৱাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.