ETV Bharat / state

Cyber crime in Barpeta : বৰপেটাৰ উপায়ুক্তৰ নামত দুষ্টচক্ৰৰ উপহাৰ দাবী

author img

By

Published : Jul 12, 2022, 2:27 PM IST

অসমত চাইবাৰ অপৰাধীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে (Cyber criminal activities have increased in Assam)। এইবাৰ বৰপেটা জিলাৰ উপায়ুক্তৰ নামত দুষ্টচক্ৰই উপহাৰ দাবী কৰিলে । ভুৱা হোৱাটছ এপ একাউণ্টৰ জৰিয়তে লুণ্ঠনৰ জাল পেলাইছে অপৰাধীয়ে । সকলোকে সতৰ্ক কৰি দিছে উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ।

Cyber crime in Barpeta
বৰপেটাৰ উপায়ুক্তৰ নামত দুষ্টচক্ৰৰ উপহাৰ দাবী

বৰপেটা,১২ জুলাই : শেহতীয়াভাৱে ৰাজ্যত চাইবাৰ অপৰাধৰ ঘটনা যথেষ্ট পৰিমাণে সংঘটিত হোৱা দেখিবলৈ পোৱা হৈছে । একাংশ দুষ্টচক্ৰই প্ৰভাৱশালী ব্যক্তিৰ নামত ভুৱা ফেচবুক বা হোৱাটছ এপ একাউণ্ট খুলি বিভিন্নজনক লুণ্ঠন চলোৱা দেখা গৈছে । এইবাৰ বৰপেটা জিলাৰ উপায়ুক্তৰ নামত দুষ্টচক্ৰই হোৱাটছ এপৰ জৰিয়তে উপহাৰ বিচাৰিছে (Demand for gifts in the name of DC of Barpeta)। উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ ফটো সংলগ্ন এটা হোৱাটছ এপ একাউণ্টৰ বিভিন্ন জনক দুষ্টচক্ৰটোৱে এমাজন গিফ্ট কাৰ্ড বিচাৰিছে বুলি অভিযোগ উঠিছে (Cyber criminals target Barpeta DC)।

Cyber crime in Barpeta
বৰপেটাৰ উপায়ুক্তৰ নাম ভুৱা একাউণ্ট

৯০৪৪৪৪৮৭৩০ ফোন নম্বৰৰ জৰিয়তে দুষ্টচক্ৰটোৱে উপহাৰ বিচাৰিছে বুলি জানিব পৰা গৈছে । আনকি হোৱাটছ এপৰ প্ৰফাইলত উপায়ুক্তৰ ফটো সংলগ্ন কৰি বহুতৰে পৰা উপহাৰ বিচাৰি মেছেজ দিছে দুষ্টচক্ৰটোৱে । এই কথা গম পোৱাৰ পাছতে উপায়ুক্তগৰাকীয়ে সকলোকে সতৰ্ক কৰি দিয়ে ।

বৰপেটা আৰক্ষীৰো কাষ চাপিছে উপায়ুক্ত তেজ প্ৰসাদ ভূচাল । আনহাতে তেওঁৰ নাম লৈ কোনোৱে এনেদৰে উপহাৰ বা ধন বিচাৰিলে অতি শীঘ্ৰে আৰক্ষীক খবৰ দিবলৈও তেওঁ আহ্বান জনাইছে । লগতে তেনে ধৰণৰ মেছেজত বিশ্বাস নকৰিবলৈ তেওঁ অনুৰোধ জনাইছে ।

Cyber crime in Barpeta
বৰপেটাৰ উপায়ুক্তৰ নাম ভুৱা একাউণ্ট

লক্ষণীয়ভাৱে এগৰাকী উপায়ুক্তৰ নাম লৈ এনেদৰে দুষ্টচক্ৰই অপৰাধ সংঘটিত কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ জিলাখনত । একপ্ৰকাৰ নিৰাপত্তাহীনতাত ভূগিছে জিলাখনৰ সাধাৰণ নাগৰিকসকলে ।

লগতে পঢ়ক :Sivsagar suicide case: চুমি মিৰ্ধাৰ আত্মহত্যা সন্দৰ্ভত গ্ৰেপ্তাৰ প্ৰেমিক ইজাজুল হক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.