ETV Bharat / state

Looting of money : চি আৰ চি চিয়ে শিক্ষয়িত্রীৰ পৰা কৌশলেৰে লুটিলে 50 হাজাৰ টকা

শিক্ষয়িত্রীৰ পৰা চি আৰ চি চিয়ে কৌশলেৰে লুটি নিলে 50 হাজাৰ টকা । ভূৱা উপায়ুক্ত আৰু চি আৰ চি চি নজৰুল ইছলামৰ বিৰুদ্ধে কলগাছিয়া থানাত এজাহাৰ দাখিল ।

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 2:57 PM IST

Looting of money
অভিযুক্ত চি আৰ চি চি
অভিযুক্ত চি আৰ চি চি

জনীয়া, 11 ছেপ্টেম্বৰ: বৰপেটা জিলাৰ ইছবপুৰ মণ্ডল সমল কেন্দ্ৰৰ চি আৰ চি চি নজৰুল ইছলামৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ ৷ কোনো লোকক কামৰূপ মেট্ৰ’ৰ জিলা উপায়ুক্ত সজোৱাই কনফাৰেন্স ক'লৰ জৰিয়তে 1435 নং মানিকপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ফুলমণি মদাহি আৰু সহঃ শিক্ষয়িত্ৰী ৰুকছানা আহমেদৰ পৰা ভয় ভাবুকিৰে ৫০ হাজাৰকৈ টকা লুটি নিয়া অভিযোগ ভুক্তভোগীৰ । যোৱা 4 ছেপ্টেম্বৰত ফোন যোগে ভয় ভাবুকিৰে Phonepay ৰ জৰিয়তে চি আৰ চি চি নজৰুল ইছলামে নিজৰ বেংক একাউন্টত লয় টকাখিনি ।

এইদৰে যোৱা 3 আৰু 4 তাৰিখত চি আৰ চি চি নজৰুল ইছলামে ধূৰন্ধৰ লম্পট এজনক কামৰূপ মেট্ৰ’ৰ উপাযুক্ত সজোৱাই ইছবপুৰ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ক্ষুদ্ৰখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শংকৰ চন্দ্ৰ চৌধুৰী, ইছবপুৰ বজাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জহুৰুল হক, 863 নং ক্ষুদ্ৰখোৱা প্ৰাঃবিঃৰ প্ৰধান শিক্ষক আব্দুল লতিফ, ইছবপুৰ হাইস্কুলৰ প্ৰধান শিক্ষক মহম্মদ ইমান হুছেইনৰ উপৰি 1435 নং মানিকপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ফুলমণি মদাহি আৰু সহঃ শিক্ষয়িত্ৰী ৰুকছানা আহমেদক ফোন কৰি ভয় ভাবুকিৰে টকা দাবী কৰে ।

আনকি দাবী কৰা ধন নিদিলে "চি এম ভিজিলেন্স লগাই দিম, আৰক্ষী অধীক্ষকৰ হতুৱাই জেলত ভৰাম, চাকৰিৰ পৰা নিলম্বন কৰিম" আদি ভাবুকি পৰ্যন্ত দিয়ে বুলি অভিযোগ তোলে ভুক্তভোগীয়ে । ষড়যন্ত্ৰৰ বলি হোৱা শিক্ষক দুগৰাকীয়ে ইতিমধ্যে কলগাছিয়া আৰক্ষী থানাত ভূৱা ডিচি আৰু চি আৰ চি চি নজৰুলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে । সম্প্ৰতি ধন দাবী কৰা কল ৰেকৰ্ডিং ভুক্তভোগীয়ে জমা দিছে কলগাছিয়া আৰক্ষী থানাত ।

লগতে পঢ়ক: Autumn session 2023: বিধানসভা অধিবেশনৰ প্ৰথম দিনাই বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ, প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.