ETV Bharat / state

Protest at Barpeta : বান সাহায্যৰ দাবীত বৰপেটাত প্ৰতিবাদ

author img

By

Published : Jul 13, 2022, 3:19 PM IST

বৰপেটাত বানাক্ৰান্ত ৰাইজৰ প্ৰতিবাদ (Flood victim protest in Barpeta)। চিপিআই(এম) দলৰ সহযোগত একাংশ লোকে বৰপেটা উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়ায় । অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী প্ৰতিবাদকাৰীৰ ।

Protest at Barpeta
বান সাহায্যৰ দাবীত বৰপেটাত প্ৰতিবাদ

বৰপেটা,১৩ জুলাই : শেহতীয়া বানত বিস্তৰ ক্ষতি হৈছে অসমৰ (Flood in Assam)। প্ৰায় প্ৰতিখন জিলাৰে লক্ষাধিক লোক বানৰ কৱলত পৰিছে । শ শ গাঁও বানত একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছে । ঘৰ-মাটি হেৰুৱাই দিশহাৰা হ'বলগীয়া হৈছে বহু বানাক্ৰান্ত ।

কিন্তু আজিও এনে বহু বানাক্ৰান্তই নাপালে চৰকাৰী সাহায্য । বছৰি অসমত বানপানীয়ে কালৰূপ ধাৰণ কৰাৰ পাছতো আজিলৈ অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰিলে চৰকাৰে । যাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত দল-সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ।

বান সাহায্যৰ দাবীত বৰপেটাত প্ৰতিবাদ

এইবাৰ বানত ক্ষতিগ্ৰস্ত শতাধিক পৰিয়ালৰ সহযোগত বৰপেটাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে চিপিআই (এম) দলে (CPIM protest at Barpeta demanding flood relief)। বৰপেটা উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ এক বিশাল প্ৰতিবাদী সমদলৰো আয়োজন কৰে দলটোৱে । বান সাহায্য প্ৰদানৰ দাবীত ক্ষোভিত হৈ পৰে প্ৰতিবাদকাৰীসকল ।

বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া, বানত ক্ষতিগ্ৰস্তক ৩ লাখ টকাকৈ সাহায্য প্ৰদান কৰা, ক্ষতিগ্ৰস্ত পৰিয়ালক মাহিলী ৭৫০০ টকাকৈ ছয় মাহলৈ প্ৰদান কৰা আদি কেইবাটাও দাবীৰে চিপিআই (এম)ৰ বৰপেটা জিলা সমিতিয়ে কেওঁটকুছিৰ পৰা উলিয়াই প্ৰতিবাদী সমদল । বৰপেটা আঞ্চলিক সমিতিৰ সদস্য দীপক দাসে বৰপেটা খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

উল্লেখ্য যে বান সাহায্যৰ নামত বৰপেটা জিলাত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে । এই ক্ষেত্ৰত একাংশ ঠিকাদাৰে বান সাহায্য যোগান নধৰি বিল আদায় কৰাৰ অভিযোগো উঠিছে । ফলত বহু বানাক্ৰান্তই সময়মতে সাহায্য নোপোৱাৰ অভিযোগ কৰিছে ।

লগতে পঢ়ক :CM visits Chirang: চিৰাঙত বন্যাৰ্তৰ কাষত ৰৈ খবৰ ল’লে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.