ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত বৰপেটাৰ বাঘবৰত প্ৰতিবাদ

বৰপেটাৰ বাঘবৰৰ মন্দিয়াত চি পি আই (এম)ৰ বৰপেটা লোকেল কমিটীয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি অখিল গগৈৰ চৰ্তহীন মুক্তিৰ দাবী তোলে প্ৰতিবাদকাৰী সকলে ।

অখিল গগৈৰ মুক্তিৰ দাবীত বৰপেটাৰ বাঘবৰত প্ৰতিবাদ
অখিল গগৈৰ মুক্তিৰ দাবীত বৰপেটাৰ বাঘবৰত প্ৰতিবাদ
author img

By

Published : Jul 11, 2020, 12:04 AM IST

বৰপেটা, ১০ জুলাই : কৃষক নেতা অখিল গগৈ, বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ, দেবাংগনা কলিতাসহ কাʼ বিৰোধী আন্দোলনৰ ৰাজনৈতিক বন্দী সকলক শীঘ্ৰে মুক্তিৰ দাবীত শুকুৰবাৰে ৰাজ্যৰ আন প্ৰান্তৰ লগতে বৰপেটাৰ বাঘবৰতো ধ্বনিত হ'ল প্ৰতিবাদ ৷

প্ৰতিবাদকাৰী সকলে বৰপেটাৰ বাঘবৰৰ মন্দিয়াত চি পি আই (এম)ৰ বৰপেটা স্থানীয় কমিটীয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি অখিল গগৈৰ চৰ্তহীন মুক্তিৰ দাবী তোলে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত বৰপেটা জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাকৰ্মীসকলে অংশগ্ৰহণ কৰে । প্ৰতিবাদস্থলীৰ পৰাই কৃষক নেতা অখিল গগৈৰ লগতে অন্যান্য কৃষক নেতাৰ স্বাস্থ্যৰ উপযুক্ত চিকিৎসা দাবী জনায় প্ৰতিবাদকাৰী সকলে।

বৰপেটাৰ বাঘবৰত প্ৰতিবাদ

উল্লেখ্য যে কা বিৰোধী আন্দোলনৰ সময়ৰ পৰাই বিভন্ন গোচৰ জাপি দি কাৰাবন্দী কৰি ৰাখিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক । তেওঁৰ লগতে সংগঠনটোৰ আন দুজন নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালকো কাৰাবন্দী কৰি ৰখা হৈছে ।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰাত থকা সময়তেই ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল কৰ'ণাত আক্ৰান্ত হয় আৰু অখিল গগৈৰ দেহতো কৰ'ণাৰ লক্ষণে দেখা দিয়ে । অৱশ্যে অখিল গগৈৰ ফলাফল নিগেটিভ আহে। তিনিওগৰাকী নেতাৰ মুক্তিৰ বাবে বিভিন্ন দল সংগঠন, ব্যক্তিয়ে দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক : ইটানগৰত ভূমিস্খলনৰ ফলত পুনৰ তিনিজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.