বৰপেটাৰোড,28 ফেব্ৰুৱাৰী: চিপিআইএম নেতা আবু তালেব আহমেদৰ সভাপতিত্বত বৰপেটাৰোডৰ ষ্টেডিয়ামত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় চিপিআইএমৰ বিশাল গণ সভা ৷ সৰভোগৰ প্ৰাক্তন বিধায়ক হেমেন দাসে বিজেপিক কঠোৰ ভাৱে সমালোচনা কৰি কয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে চাৰি পইচাৰ সম্পদ উৎপন্ন কৰিব নাই, সেইজনে আকৌ দেশ কেনেকৈ চলাইছে ? ইতিমধ্যে কংগ্ৰেছে গঢ়ি যোৱা ৰাজহুৱা খণ্ডৰ ২৩টা সম্পদ বিক্ৰী কৰিছে বিজেপিয়ে ৷ আগন্তুক দিনত দেশৰ সম্পত্তি বিক্ৰী কৰাৰ বাবেহে যেন উঠি পৰি লাগিছে বিজেপিয়ে ৷
তাৰোপৰি বিজেপিয়ে হিন্দু মুছলমানৰ মাজত বিবেদ সৃষ্টি কৰি ৰাইজক লুণ্ঠন কৰাৰ কথা উল্লেখ কৰি বিজেপিয়ে আম্বানি আদানীৰ স্বাৰ্থত কাম কৰি থকাৰ কথাও কয় বৰ্ষীয়ান নেতা গৰাকীয়ে ৷ কেন্দ্ৰীয় সমিতিৰ সদস্য সুপ্ৰকাশ তালুকদাৰে ভাষণ প্ৰসংগত কয়, বিজেপিয়ে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোককে বিশ্বাস ঘাতকতা কৰিছে ৷ বিজেপি চৰকাৰখন বিশ্বাস ঘাতকতাৰ চৰকাৰ ৷
অসম চুক্তি অনুসৰি বিদেশী চিনাক্তকৰণৰ সময় সীমা নিৰ্ধাৰণ কৰা হৈছিল 1971 চনৰ 24 মাৰ্চ ৷ কিন্তু অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে ক্ষমতালৈ আহি CAA আনিলে ৷ বিজেপিয়ে ক্ষমতালৈ আহি ডিটেনচন কেম্প ভাঙি দিয়াৰ কথা কৈছিল যদিও সেই বিজেপিয়ে ক্ষমতালৈ আহি এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ ডাঙৰ ডিটেনচন কেম্প গোৱালপাৰাত নিৰ্মাণ কৰি আছে বুলিও সুপ্ৰকাশ তালুকদাৰে প্ৰকাশ কৰে ৷
ইয়াৰোপৰি সুপ্ৰকাশ তালুকদাৰে কয়, বছৰ বছৰ ধৰি ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণ কৰিব বুলি কোৱা বিজেপিয়ে ভেঞ্চাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীক প্ৰতাৰণা কৰি শিক্ষকৰ মৰ্যাদা নিদি তেওঁলোকক টিউটৰহে বনালে ৷ বিজেপিয়ে অসমৰ জনসাধাৰণক বিশ্বাস ঘাতকতা কৰিছে ৷ ৰাইজক দিয়া এটা প্ৰতিশ্ৰুতিও পালন কৰা নাই বিজেপিয়ে ৷
লগতে পঢ়ক: চামগুৰিত ৰকিবুল হুছেইনৰ নিৰ্বাচনী কুচকাৱাজ