ETV Bharat / state

বৰপেটাতো আৰম্ভ হৈছে ১৮ ৰ উৰ্ধৰ লোকৰ টীকাকৰণ

বৰপেটাতো শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ১৮-৪৪ বছৰ বয়সৰ লোকসকলৰ ক'ভিড টীকাকৰণ প্ৰক্ৰিয়া ৷ বৰপেটা চহৰৰ ক্লাৱ ৰাইনোৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগে প্ৰতিষেধক প্ৰদান কৰে ৷ মন কৰিব লগীয়া যে, বৰপেটা জিলাত কৰ'ণা আক্ৰান্তৰ হাৰ ৭ শতাংশলৈ বৃদ্ধি পাইছে ৷

covid vaccination at Barpeta
বৰপেটাতো আৰম্ভ হৈছে ১৮-৪৪ বছৰ বয়সৰ টীকাকৰণ
author img

By

Published : May 7, 2021, 4:07 PM IST

বৰপেটা, ৭ মে': সমগ্ৰ দেশৰ লগতে বৰপেটাতো শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ১৮-৪৪ বছৰ বয়সৰ লোকসকলৰ ক'ভিড টীকাকৰণ প্ৰক্ৰিয়া ৷ বৰপেটা চহৰৰ ক্লাৱ ৰাইনোৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগে প্ৰতিষেধক প্ৰদান কৰে ৷ ইপিনে বৰপেটা জিলাত কৰ'ণা আক্ৰান্তৰ হাৰ ৭ শতাংশলৈ বৃদ্ধি পাইছে ৷ জিলাখনত বিগত ২৪ ঘন্টাত ১৩৮ জন পজিটিভ চিনাক্ত হৈছে আৰু জিলাখনৰ ১৭১৬ জন লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ জিলাখনত এই পৰ্যন্ত ২১ জন লোকে কৰ'ণাত প্ৰাণ হেৰুৱাইছে ।

কৰ'ণাৰ সংক্ৰমণ ৰোধ কৰা আৰু ক্ৰমাৎ বৃদ্ধি পোৱা কৰ'ণা ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁঠনি উন্নয়নৰ ক্ষেত্ৰত জিলা প্ৰশাসনে বিশেষ তৎপৰতা আৰম্ভ কৰিছে ৷ বৰপেটাৰ ভাৰপ্ৰাপ্ত জিলা উপায়ুক্তই এক নিৰ্দেশানাযোগে জিলাখনৰ বিভিন্ন প্ৰান্তত ৫০০ খন বিচনাযুক্ত ১১ টা ক'ভিড কেয়াৰ চেন্টাৰ স্থাপনৰ কাম আৰম্ভ কৰিছে ৷ তাৰোপৰি জিলা প্ৰশাসনে সকলোবোৰ কোচিং চেন্টাৰ, হোষ্টেল সম্পূৰ্ণৰূপে বন্ধ কৰাৰো নিৰ্দেশ জাৰি কৰিছে ৷

বৰপেটাতো আৰম্ভ হৈছে ১৮ ৰ উৰ্ধৰ লোকৰ টীকাকৰণ

আনহাতে, বৰ্তমান বৰপেটা মেডিকেল কলেজ হস্পিতালত মুঠ ১১৩ জন কৰ'ণা ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা আছে যদিও সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে নতুনকৈ ভেন্টিলেটৰ সংযোগী ৩২ খন অতিৰিক্ত বিচনাৰ আই চি ইউ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । তদুপৰি বৰপেটা অসামৰিক চিকিৎসালয়ত সম্প্ৰতি ১০০ জন কৰ'ণা ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে । স্বাস্থ্য বিভাগে দিয়া তথ্য অনুসৰি ৬ মে'লৈকে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ৫০ জন আৰু বৰপেটা অসামৰিক চিকিৎসালয়ত ৪৩ জন কৰ'ণা আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক: প্ৰাপ্য সুৰক্ষিত কৰাৰ দাবীত অ'এনজিচিৰ অস্থায়ী শ্ৰমিকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.