বৰপেটা, ২৯ এপ্ৰিল : বৰপেটা সত্ৰত বৃহস্পতিবাৰে ভকত আৰু আই সকলক ক'ভিডৰ প্ৰতিষেধক প্ৰদান কৰে বৰপেটা মেডিকেল কলেজ কৰ্তৃপক্ষই ৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ অনুৰোধমৰ্মে বৃহস্পতিবাৰে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ তৎপৰতাত বৰপেটা সত্ৰৰ আই-ভকতসকলক ক'ভিড ভেকচিন প্ৰদান কৰা হয় ৷ উল্লেখযোগ্য যে, সত্ৰৰ ৮৮ গৰাকী ভকত আৰু আই মাতৃক ক'ভিড ভেকচিন প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে ৷ একেদৰে শুকুৰবাৰেও সত্ৰৰ ভকত আৰু আই সকলক ক'ভিড ভেকচিন প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷
ইপিনে ৰাজ্যখনত মহামাৰী ক’ৰণাৰ ভয়াৱহ সংক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ ৰাজ্যবাসীক মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷ একেদৰে ক'ভিড প্ৰ'ট'কল মানি ইতিমধ্যে বৰপেটা সত্ৰ চৌহদত প্ৰৱেশৰ ক্ষেত্ৰত ভকত বৈষ্ণৱসকলক মাস্ক পৰিধান কৰটো বাধ্যতামূলক কৰা হৈছে বুলি বুঢ়াসত্ৰীয়া গৰাকীয়ে প্ৰকাশ কৰে ৷ আনহাতে বুঢ়াসত্ৰীয়া গৰাকীয়ে বিশ্ববাসীৰ মংগল কামনা কৰে ৷
লগতে পঢ়কঃ ডিজিপি কাৰ্যালয়ৰ সমীপৰ এটিএমত লুটপাত দুৰ্বৃত্তৰ