ETV Bharat / state

কলগাছিয়াৰ বজাৰত ক'ভিড পৰীক্ষা(Covid Test) সম্পন্ন

author img

By

Published : Jun 9, 2021, 2:26 PM IST

বুধবাৰে বৰপেটাৰ জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে কলগাছিয়াৰ সাপ্তাহিক বজাৰত ব্যৱসায়ীসকলৰ ক'ভিড পৰীক্ষা(Covid Test) সম্পন্ন কৰা হয় । অৰ্ধ শতাধিক ব্যৱসায়ীৰ ক'ভিড পৰীক্ষা কৰা হয় কলগাছিয়া বজাৰত ।

Covid test at Kalgachia Market
কলগাছিয়াৰ সাপ্তাহিক বজাৰত ব্যৱসায়ীসকলৰ ক'ভিড পৰীক্ষা সম্পন্ন

জনীয়া,৯ জুন : কৰ'ণাসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ জিলাই জিলাই অধিক সতৰ্কতা অৱলম্বন কৰিছে প্ৰশাসনে । বুধবাৰে বৰপেটা জিলাতো ব্যৱসায়ীসকলৰ ক'ভিড পৰীক্ষা(Covid Test) সম্পন্ন কৰা হয় । ক'ভিড পৰীক্ষা সম্পন্ন কৰিবলৈ বৰপেটাৰ জিলা উপায়ুক্ত(Barpeta DC)ই এক নিৰ্দেশ জাৰি কৰিছিল ।

এই নিৰ্দেশমৰ্মে কলগাছিয়াৰ সাপ্তাহিক বজাৰ(Kalgachia weekly market)ত ব্যৱসায়ীসকলৰ ক'ভিড পৰীক্ষা কৰোৱা হয় । কলগাছিয়া মহকুমা স্বাস্থ্যখণ্ডৰ তৰফৰ পৰা পুৱাৰে পৰা কলগাছিয়াৰ বজাৰে বজাৰে ক'ভিড পৰীক্ষা সম্পন্ন কৰি ক'ভিড আক্ৰান্তক চিনাক্ত কৰিছে স্বাস্থ্য কৰ্মীসকলে ।

বুধবাৰে অৰ্ধ শতাধিক ব্যৱসায়ীৰ ক'ভিড পৰীক্ষা কৰা হয় কলগাছিয়া বজাৰত । অৱশ্যে এতিয়ালৈকে এগৰাকীও ব্যৱসায়ীৰ দেহত কৰ'ণা(CORONA) ভাইৰাছৰ অৱস্থিতি ধৰা পৰা নাই । ক'ভিড পৰীক্ষা কৰাৰ ক্ষেত্ৰত কলগাছিয়াৰ ব্যৱসায়ীসকলে স্বতঃস্ফূৰ্তভাৱে সহযোগিতা আগবঢ়াইছে বুলি জানিবলৈ দিছে চিকিৎসা কৰ্মীসকলে ।

লগতে পঢ়ক: ২০ দিনৰ ভিতৰত সাজু DRDOৰ অত্যাধুনিক ক'ভিড চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.