ETV Bharat / state

চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি প্ৰদৰ্শন কলগাছিয়াৰ ব্যৱসায়ীৰ - মহামাৰী কৰ’ণা

ক’ভিড-19 সন্দৰ্ভত চৰকাৰে জাৰি কৰা নিৰ্দেশনাক বুঢ়া আঙুলি প্ৰদৰ্শন কলগাছিয়াৰ একাংশ ব্যৱসায়ীৰ ৷ 2 বজাৰ পিছতো খোলা ৰাখিছে ব্যৱসায়িক প্ৰতিষ্ঠান ৷ নিৰ্বিকাৰ জিলা প্ৰশাসন ৷

covid-sop-violation-in-kolgasia
চৰকাৰে জাৰি কৰা SOPক বুঢ়া আঙুলি প্ৰদৰ্শন কলগাছিয়াৰ একাংশ ব্যৱসায়ীৰ
author img

By

Published : May 11, 2021, 9:59 PM IST

জনীয়া,11 মে': সমগ্ৰ ৰাজ্যত মহামাৰী কৰ’ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপেক্ষিতত চৰকাৰে সমগ্ৰ অসমতে নিৰ্দেশনা জাৰি কৰি দিনৰ দুই বজাৰ পৰা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিছে । তেনেস্থলত কিছুসংখ্যক ব্যৱসায়ীয়ে চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখুওৱা পৰিলক্ষিত হৈছে ৷ দিনৰ 2 বজাৰ পিছত ৰাজ্যত সকলো দোকান-পোহাৰ বন্ধৰ নিৰ্দেশ আছে যদিও কলগাছিয়াৰ বাবু পাণ ভাণ্ডাৰ নামৰ শীতল পানীয়ৰ পাইকাৰী দোকানখনৰৰ স্বত্বাধিকাৰী ৰৌশন আলীয়ে 2 বজাৰ পিছতো অবিৰতভাৱে ব্যৱসায় অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছে ৷

চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি প্ৰদৰ্শন কলগাছিয়াৰ ব্যৱসায়ীৰ

মহামাৰী কৰ’ণাৰ কবলত পৰি দৈনিক শ শ লোকৰ মৃত্যু হোৱাৰ পিছতো একাংশৰ মাজত এতিয়াও বৃদ্ধি হোৱা নাই সজাগ-সচেতনতা । তেনেস্থলত স্থানীয় প্ৰশাসনৰ ভূমিকাও সন্দেহজনক হৈ পৰা দেখা গৈছে ।

লগতে পঢ়ক : ত্ৰিপুৰাৰ শান্তিৰ বজাৰত বাওঁমৰ্চাৰ প্ৰতিনিধিৰ দলক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.