জনীয়া, 8 মে ' : অসমত দিনক দিনে ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ কৰ’ণাৰ ভয়াৱহতাৰ পাছতো চৰকাৰে জাৰি কৰা কোনো নীতি নিয়ম মনা নাই কলগাছিয়াৰ একাংশ ৰাইজে । কলগাছিয়াৰ বজাৰ সমূহত মানুহৰ অস্বাভাৱিক সমাগম দেখিবলৈ পোৱা গৈছে ।
একাংশৰ মুখত নাই মাস্ক, পালন কৰা নাই সামাজিক দূৰত্ব ৷ সমাগত ঈদৰ বজাৰ কৰাৰ বাবে বিশেষকৈ কাপোৰৰ দোকানত শিশুৰ লগতে সমাগম হৈছে ডেকাৰ লগতে বৃদ্ধ লোকলৈ ৷ কৰ’ণাৰ এই জটিল ক্ষণত ঈগৰ বজাৰ কৰাটো কিমান যুক্তিসংগত বুলি একাংশ সচেতন ব্যক্তিয়ে প্ৰশ্ন উত্থাপন কৰাৰ লগতে চৰকাৰে দিয়া নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : দেশত কৰ’ণা প্ৰতিষেধক প্ৰদানৰ নামত ব্যয় মাথো ৪,৭৪৪ কোটি: এক প্ৰতিবেদন